পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাহিত্য সংগ্ৰহৰ চমু টোকা।

 ল'ৰাকালত পঢ়া পুথি সমূহঃ— ট্ৰায়নৰ সাত্বিক আহাৰৰ পুথি, পিতাকৰ পুথি ভঁড়ালৰ প্ৰসিদ্ধ দাৰ্শনিক পিঠা গোৰাৰ সৎ আলোচনা আৰু অপৈণত বুদ্ধিৰে তৰ্কাদি নকৰা, নীতি মূলক পুথি, নানা সংগ্ৰন্থ কিনা আৰু অধ্যয়ন কৰা, বানিয়ানৰ ‘পিলগ্ৰিম্‌ছ প্ৰগ্ৰেছ’ নামৰ ধৰ্ম্মতত্বৰ পুথি আৰু তেওঁৰ আন সমুদায় পুথি, একে ধৰণৰে চিফো’ নামক লিখকৰ পুথি’, ডাক্তৰ কটন মেথৰৰ সৎকৰ্ম্ম সাধন প্ৰৱন্ধাৱলী’—যি পুথি চৰিত্ৰ গঠনৰ প্ৰধান সহায়; ‘পিলগ্ৰিম্‌ছ প্ৰগ্ৰেছ খন বোৰ্চ বাৰ্টনৰ ‘ইতিহাস সংগ্ৰহ’ গ্ৰন্থাৱলী কিনি পঢ়ে; মেথিউ এডামচৰ পুথিভঁড়ালৰ পুথি, কিতাপৰ দোকানৰ নানা পুথি। পঢ়িব্ৰ সময়ত পঢ়া-পুথিৰ টোকা লিখা অভ্যাস।

বন্দী জীৱনৰ এটি স্মৃতি।

 স্মৃতি=সোৱঁৰণি। সৰ্ব্বতোভাবে=সকলো প্ৰকাৰে। বিল=পাবলৈ বা দেখিবলৈ নোহোৱা। অখ্যাত =খ্যাতি নথকা৷ অজ্ঞাত = কেৱে নজনা। অনুকৰণীয় =আৰ্হিৰ যোগ্য। দৃঢ়তা = ( দৃঢ়+তা); কঠিনতা, বল। শিৱিৰ=বাহৰ, সৈন্যাদিৰ আড্ডা। স্বেচ্ছাসেৱক= নিজ ইচ্ছাৰে সেৱা কাযত লগা। (ভলন্টিয়াৰ)। আওভাও=ভু, তত্ত্ব, ভাবগতি। সমিধান= উত্তৰ। নিৰ্ভীক=ভয় নোহোৱা বা নকৰা। অধ্যৱসাৰ = পুনঃ পুনঃ চেষ্টা। সশ্ৰম = শ্ৰমেৰে সৈতে যি (বহুব্ৰীহি ); পৰিশ্ৰম কৰিব লগা। অক্লান্ত =ন ক্লান্ত ( নঞ্ সমাস); ভাগৰ নলগা, ক্লান্ত নোহোৱা। প্ৰেৰণা উদ্‌গণি। অপাৰগ = ন পাৰগ, (নঞ্ ); অসমৰ্থ, কৰিব নোৱাৰ৷। অনাসক্তি=আসক্তি শূন্য, লোভ মোহ নোহোৱা। সন্তৰ্পণে = সাৱধানে। অনিশ্চয়তা = নিশ্চয় বা স্থিৰ নোহোৱা ভাৱ। প্ৰবৃত্তি=ইচ্ছা। স্বৰাজ= নিজ ৰাজ্য নিজৰ হোৱা। উপলব্ধি = অনুভৱ। আহযাহ = অহাযোৱা