পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বন্দী জীৱনৰ এটি স্মৃতি।

যাতায়াত। বলবৎ =দৃঢ়, অলৰ। লঘু = পাতল। উদ্বিগ্ন = আকুল, চিন্তিত, উদ্বেগৰুক্ত। অপপ্ৰয়োগ =ব্যৱহাৰৰ জোখ নৰখা। তত্বাবধান = সাৱধান বা যত্ন লোৱা। স্থানান্তৰিত = স্থান+ অন্তৰিত, ঠাইসলোৱা। শঙ্কিত = চিন্তিত, শঙ্কা বা ভয়যুক্ত। সঙ্কোচ =কোঁচখোৱা, ভয়খোৱা। বিনাচৰ্ত্তে = কোনো চুক্তি বা কথা নথকাকৈ। কাৰ-অধীক্ষ = ফাটেকৰ পৰিচালক, গৰাকী। প্ৰত্যয় =বিশ্বাস। টলাব = লৰাব, সঙ্কল্প এৰুৱাব। মৰ্ম্মন্তুদ = শোকলগা। সৎকাৰ = সন্মান, মৃতকৰ দাহ কবৰাদি কাৰ্য্য।

সহজ বাখ্যাঃ—

 ফটা কানি এটুকুৰাৰ হানিয়েও......অনুভৱ কৰিলোঁ। মাননীয় ৰদলৈদেৱৰ ‘বন্দী জীৱনৰ এটি স্মৃতি’ নামক প্ৰৱন্ধত এই খিনি আছে।

 ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ বন্দী কমল মিৰিক ৯ মাহ সশ্ৰম ফাটেক দি যোৰহাট ফাটেকত থয়। তাতে বৰদলৈৰ লগত তাৰ বৰ ঘনিষ্ঠতা হৈছিল। বৰদলৈ দেৱক মহাত্মাজীয়ে উপহাৰ দিয়া তেওঁৰ ‘অনাসক্তি যোগ’ বোলা কিতাপখন সন্তৰ্পণে থবলৈ কমল মিৰিয়ে-ফটাকানিৰ মোনা এখন তৈয়াৰ কৰি দিছিল। কিতাপখন তাতে থোৱা হৈছিল। বৰদলৈৰ মানত কিতাপখন যেনে আদৰৰ, মোনাখনো তেনে মৰমৰেই আছিল! এবাৰ বৰদলৈ কলিকতাৰ পৰা দিল্লীলৈ যাওঁতে বাটত মোনাৰে সৈতে কিতাপখন চুৰি গ'ল। তাতে তেওঁ বেজাৰ কৰি এই কথা খিনি কৈছিল।

 ফটাকানি টুকুৰাৰ মূল্য অতি কম; কিন্তু তাৰ লগত আছিল তেওঁৰ বন্দী জীৱনৰ এটি দুখ লগা স্মৃতি, সেইটো হৈছে কমলৰ সঙ্গ আৰু মৃত্যু। সেয়েহে তেওঁক এই সামান্য হানিয়েও মনত কষ্ট দিছিল।

কমল মিৰিৰ সোৱৰণিঃ—

 ইং ১৯৪২ চনত স্বাধীনতা আন্দোলনত গোলাঘাটত বন্দী। ১৯৪৩ চনত ৯ মাহৰ কাৰণে সশ্ৰম কাৰাদণ্ড দি যোৰহাট ফটেকত থয়। বৰদলৈৰ