পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সাহিত্য সংগ্ৰহৰ চমু টোকা

( মাছ মাংস আৰু উত্তেজক বস্তু নোহোৱ৷ )

 সহজ ভাঙনিঃ—

 ১। তেওঁৰ সত্য জীৱনৰ কাহিনীয়ে ঔপন্যাসিকৰ কল্পনাকো চেৰ পেলাইছে।

 উপন্যাস লিখকে কল্পনাৰে সাজি গঢ়ি নানা উপন্যাস লিখে; তাকে পঢ়ি মানুহে আনন্দ পায়। অনেক উপন্যাসৰ ঘটনা তেনেই অমূলক, অধান্তৰ, মিছা, অশিক্ষা বা কুশিক্ষামূলক; তাৰ আদৰ্শই মানুহৰ জীৱন গঢ়াত বিশেষ বেছি সহায় নকৰে। কিন্তু বেঞ্জামিনৰ নিচিনা মহৎলোকৰ জীৱনী অতি আনন্দদায়ক—যেহেতু সি সত্যকথা; আৰু ঔপন্যাসিকে কল্পনাতো ভাবিব নোৱাৰা আচৰিত আৰু মানুহৰ জীৱন গঢ়াৰ শ্ৰেষ্ঠ উপকৰণ।

২। ঘৰেই শিশুৰ প্ৰকৃত শিক্ষালয়।

 মানৱ শিশুৰ স্বভাৱৰ এটা প্ৰধান গুণ অনুকৰণ কৰা। সি নিচেই সৰুকালৰপৰাই ডাঙৰক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। ফলত তাৰ পিতৃ-মাতৃ বা অভিভাৱক যি স্বভাৱৰ বা যেনে আদৰ্শৰ মানুহ সিও ঠিক তেনে হৈ গঢ়ি উঠে। এই শিক্ষাক বাহিৰৰ কোনো শিক্ষাই সহজে নষ্ট কৰিব বা গুচাব নোৱাৰে৷ এতেকে ঘৰেই শিশুৰ আচল বিদ্যালয়।

৩৷ পেন্সিল আৰু ঢোকা বহী ওচৰত লই কিতাপ পঢ়া অভ্যাসটো পাঠক সকলৰ পক্ষে বৰ উপকাৰী। বুজাই দিয়া।

 গৃহশিক্ষাঃ—পিতাকৰ পৰা খোৱাত জুতি বিচাৰত উদসীনতা, খাবৰ সময়ত বা আজৰি সময়ত কেৱল সৎকথাৰ আলোচনা, ঘৰলৈ অভিজ্ঞ আলহী আহিলে তেওঁৰ পৰাও ভাল কথা শিক্ষা কৰা, অপৈণত বুদ্ধিৰে কোনো গধুৰ বিষয় তৰ্কাদি নকৰা, পিতৃ-মাতৃৰ বাধ্যতা আৰু তেওঁলোকলৈ ভক্তি।