পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফাটেকত জীৱ জন্তুৰ সঙ্গ।
(পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্ম-কথা।)

আবেগ = মনৰ ভাৱৰ উথলি উথা..বেগ। আকাশলঙ্ঘী = আকাশ ছুই থকা। বনাই = অনাই বনাই, ঘূৰিপকি। মনোৰম = মনঃ + ৰম; মনোমোহা! অটল= কাটিকুটা বা লৰচৰ নোহোৱা। ইতিকিং = ঠাট্টা, বিদ্ৰূপ। নিঠৰুৱা = আশ্ৰয়হীন। পুলকীত = আনন্দিত। কোঁহ = কুঁহি গজালি বা পাত। দ্ৰুত =শীঘ্ৰ বেগী। এছাৰকণি=ছিটিকণি, বৰষুণৰ কণিকা। পেপুৱা =বিবুধি হোৱা। সজ = অভ্যাস, নিয়ম। পলাই পত্ৰং=পলাই আঁতৰা। তয়াময়া =ঘোৰ, তুমুল, প্ৰৱল। তালুকি ভালুকি = তালিভুলি, ভাওভঙ্গী। পিয়াপি=এটা এটাহৈ চাৰিওফালে পলোৱা। অবাঞ্ছনীয় = ইচ্ছা নকৰা, ভাল নোপোৱা। উধাৱ=গুচি যোৱা। এৰেহা = খাই এৰা। ব্যগ্ৰ = আকুল। নিকৰুণ = নিৰ্দ্দেয়, নিমৰমিয়াল। তদাৰক = যত্ন, পতি। সৰবৰহী = সকলোৰে লগত মিলে থকা। সূচক =জ্ঞাপক, বুজোৱা। প্ৰতিক=প্ৰতিমূৰ্ত্তি, অঙ্গ।

 কোন কোন ফাটেকত কি কি জীৱজন্তুৰ সঙ্গ পাইছিল :—

 (১) দেৰাদুন—বৰল, জেঠী, নানাবিধ কীট পতঙ্গ, চুঙা বাদুলী, কেৰ্কেটুৱা, এজোৰ ময়না, কুলি, কেতেকী (মস্তিস্ক বিকাৰী চৰাই) এটি মেকুৰী পোৱালী, কুকুৰ এজনী আৰু তাইৰ পোৱালী।

 (২) লক্ষ্ণৌ—কেৰ্কেটুৱা।

 (৩) আলমোৰা—x

 (৪) নৈনিতাল—x

 (৫) বেৰেণি—বান্দৰ, কেকোঁৰা, বিছা, ৩|৪ টা সাপ।

 (৬) কলিকতাৰ আলিপুৰ—চেলা।