পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দামোদৰবিপ্ৰাখ্যান।

উপৰি বিপদ জনক। ল’ৰাকালত সান্দিপনি ঋষিৰ ওচৰত একেলগে থাকি বিদ্যা অধ্যয়ন কৰোঁতে শ্ৰীকৃষ্ণয়ো তেওঁৰ সহপাঠী বিপ্ৰাদিৰ লগত এই বিপদত পৰিছিল। তাকে আজি সখিয়েক দামোদৰক সোঁৱৰাই দি তৃপ্তি লভিছিল, আৰু উক্ত ফকৰাটো গাইছিল।

 (২) ৰাজ ভগনৰ কথাত............উলিয়ায় কেনেকৈ?

 ৰাজভগন প্ৰজাৰ পক্ষে অতি দুৰ্দিন; কোনো যুদ্ধ বিপ্লৱত দেশ অৰাজক হলে প্ৰজা সাধাৰণৰ দুখ কুলাই পাচিয়ে নধৰা হয়, ধন সম্পত্তি যায়, আনকি প্ৰাণ হানিৰ ভয়ো পদে পদে। এই হানিৰ তুলনাত গছত পকিবলৈ ধৰা কল থোকা বাদুলীয়ে খাবলৈ আৰম্ভ কৰা হানি অতি সামান্য। তেনে বিপদত এনে কথা উলিওৱাটো লাজৰ আৰু নিন্দাৰ কথা। এই কাৰণতে দামোদৰ বিপ্ৰই শ্ৰীকৃষ্ণৰ ওচৰত ধন নুখুজিলে।

 সম্ভৱপৰ প্ৰশ্নঃ—

 (১) বিপ্ৰই কৃষ্ণৰ পৰা ধন-বস্তু একো নাপাই কি দৰে নিজক বুজনি দিছিল?

 (২) শ্ৰীকৃষ্ণই বিদুৰৰ খুদ কণ খাই তৃপ্তি পোৱা কাহিনীটো লিখা। আৰু বিপ্ৰই এই উদাহৰণেৰে কিহত আনন্দ পাইছিল লিখা।

 শিক্ষাৰ বিষয়ঃ—

 (১) ছাত্ৰ মনত শিক্ষাৰ ঠায়ে ডাঙৰ তীৰ্থ; সেয়েহে একেলগে পঢ়া সহপাঠীসকল সতীৰ্থ বন্ধু। এই বন্ধুত্ব আমৰণ থকা উচিত। এই আখ্যানৰ পৰা শ্ৰীকৃষ্ণৰ এই আদৰ্শৰে উদাহৰণ পোৱা যায়। আৰু এই শিক্ষাই যে উচ্চ-নিচ, ডাঙৰ-সৰু, ধনী-দুখীয়া আৰু জাতি ধৰ্ম্মৰ ভেদাভেদ নাৰাখে, তাকো শ্ৰীকৃষ্ণৰ আদৰ্শত পোৱা যায়। ইয়াতেই শ্ৰীকৃষ্ণৰ মহত্ব আৰু বিনয় গুণৰো আৰ্হি পোৱা যায়।

 (২) ঈশ্বৰ ভক্তিৰ সুফল এই দামোদৰ বিপ্ৰতে পোৱা যায়।