পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সাহিত্য সংগ্ৰহৰ চমু টোকা

 ১। ব্যাখ্যা :— লাখ লাখ বছৰৰ সাঁচতী জ্ঞান.......প্ৰবোধহে দিছিল। পণ্ডিত জৱাহৰ লাল নেহৰুৰ দেৰাদুন ফাটেকত থকা কালৰ কথা। সৃষ্টিৰ আদিৰে পৰা লাখ লাখ বছৰ ধৰি একে ঠাইতে অচল অটল হৈ থকা হিমালয়ৰ আকাশলঙ্ঘী পৰ্ব্বত শাৰীয়ে জগতৰ গতি মতি, নানা ৰকমৰ ঘটনাৱলী, উত্থান-পতন এইবিলাক দেখি যি জ্ঞান অভিজ্ঞতা আৰ্জিছে, সি তাৰ বুকুত সাঁচতীয়া হৈ আছে। সেই পৰ্ব্বত শাৰীয়ে নিজৰ জ্ঞান অভিজ্ঞতাৰে যে তেওঁলৈ চাই চাই তেওঁৰ ফাটেকীয়াল জীৱনৰ মনৰ চঞ্চল অৱস্থাক বিদ্ৰূপেৰে টিলিকিতে উৰুৱাই দি অশান্ত মনক শান্ত্বনা দিছিল।

 ২৷ কেতেকীক ইংৰাজীত কিয় মস্তিষ্ক – বিকাৰী চৰাই ” বোলে? কাৰণ সি দিনে ৰাতিয়ে, ৰ'দে বৰষুণে, একেৰাহে একেসুৰে ছেদ, ভেদ নোহোৱাকৈ মাতি থাকে, তাকে শুনি শুনি মূৰ কামোৰা সম্ভৱ।

৩৷ আগপিছ নুগুণা দুঃসাহসৰ জয় হল।—বেৰেলি জেলৰ কিছুমান ফাটেকিয়ালে বান্দৰ পোৱালি এটা ধৰি ৰখা ঘটনা আৰু তাক মাক নে বাপেক এটাই আগপিছ হুগুণি দুঃসাহসেৰে আহি কিদৰে পোৱালীটো লৈ গৈছিল, তাকেই খোলচাকৈ লিখি কথাটোৰ ভাৱ মোকোলাব লাগিব।

 ৪। মৰম আৰু পূজা একে বস্তু নহয়, পূজা কৰিলেই দয়ালু হোৱা নাযায়।

 ( পণ্ডিত জৱহৰলাল নেহেৰুৰ আত্ম কথা )। মানুহে সন্মান বা ভক্তি দেখুৱাবলৈ নাইবা স্বাৰ্থ সিদ্ধিৰ কাৰণে পূজা কৰে। কিন্তু পূজা কৰিলেই পূজাৰীৰ মন কোমল, মৰমিয়াল বা দয়ালু হব, সেইটো নহয়। কাৰণ অনেক গোসানীৰ সেৱকে নিমৰমিয়াল হৈ গোসাঁনীৰ আগত জীৱ বলি দিয়ে। সেইদৰে হিন্দুৱে গোজাতিৰ পৰা পোৱা উপকাৰলৈ বা নিজ স্বাৰ্থ পূৰণলৈ চাই গৰুৰ পূজ়া কৰে; কিন্তু আকৌ সেই