পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শাহিত্য বিচাৰ। ঈশ্বৰ ভক্তিত আৰু আনন্দত লগালে। আজি কালি সেই দেখি গীত নানা ৰকম দেখা যায়। তাৰ কোনোলোত ঈশ্বৰৰ মহিমা, কোনোবোৰত আনন্দ উৎসৰ, আৰু কিছুমানত বিষাদৰ কথা থাকে। লেচাৰী বা দুলড়ী লিখিবলৈ একোটা বিশেষ ছন্দ আছে। কিন্তু আমি যাক গীত বুলিছো, অৰ্থাৎ গীত বুলিলে আজি কালি যি বুজা যায় তাক ৰচিবলৈ এটা বা চাইটা কোনো বিশেষ ছন্দ নাই। কোনো কোনো গীতত ভগ, অৰ্থাৎ ঠাইত মিল ঠাইত অমিল ছন পোৱা যায়। আখৰ লিখি চালে ও. কোনো ঠাইত যাল, আৰু কোন কোননা ঠাইত পাঁচ, ছয়, এঘাৰ বাৰ ইত্যাদি কমে পোৱা যায়। এনেকুৱা অমিল কথা। কিন্তু দোহোৰা ভোখৰতহে দেখা যায়। অন্তৰবোৰত মিল নাথাকিলে গাবলৈ বৰ অসুবিধা হয়। কিন্তু দোহোৰাত আখৰৰ লেথ নিমিলে বুলি এনে ভাবিব নালাগে যে তাত একোৰে মিল নাই। আখৰৰ লঘু গুৰু সকলো ঠাইতে আছে, অৰ্থাৎ যত লঘু বৰ্ণ লাগে, তাত গুৰু আৰু যত গুণ বৰ্ণ লাগে তাত লঘু দিলে গাওঁ- তাই কেতিয়াও গাব নোৱাৰে। আৰু কিছুমান সুৰত আখ- ৰৰ লেখ নিমিলিলেই নহয়। বেহাগ, বাগেশ্ৰী, পুবী, ইমন- কল্যাণ ইত্যাদি ৰাগত যিবোৰ গীত বন্ধা যায়, সিহঁতৰ দোহোৰাত আৰু অন্তৰত বৰ্ণব লঘু গুৰুতো মিলিব লাগিবই, আখৰৰ লেখো নিমিলিলে নহয়। সকলো ৰকমৰ গীত বিচা- ৰি চালে দেখা যায় যে বেহাগ, বাগেশ্ৰী আদি কৰি কে বিনিমান সুৰত দোহোৰাৰ প্ৰথম কাকিত চৈধ্য ৰা বোল