পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্য বিচাৰ। এই দেখি আমাৰ বিশ্বাস হয়, যে মানুহৰ বিষাদেই গীতৰ উৎপত্তিৰ কাৰণ। এই বিষয় কোনো কোনো মানুহৰ মত বেলেগ; সিবিলাকে কয়, যে গীত শোকৰ পৰা ওলোৱা নহয়, হয়াৰ জন্মৰ কাৰণ বেলেগ আছে। তেওঁলোকৰ মতে ঈশ্বৰে আগেয়ে পৃথিবী, তৰু, লতা, নৈ, পৰ্বত, ফুল, পশু, পক্ষী, কাট, পতঙ্গ ইত্যাদি সকলোকে সৃজন কবি, সম- শেহত মানুহ সৃজন কৰে। পাচে মানুহ ওলাই আগত এই মনোহৰ ধৰণী দেখিবলৈ পালে। সি ইফালে সিফালে চায় নানা কম বিতোপন ফুল দেখে, ওপৰলৈ চায় ফট-ফটীয়া পানী কুল কুল কৰি একান্ত মনে অকলৈ বৰ লাগিছে। এই বোৰ দেখি সি বিমোৰ হল, তাৰ মন মোহ গল, আৰু পৃথিবীৰ যি জন গবাকি তেওঁলৈ বৰ ভক্তি জন্মিল। এই ভক্তিৰ পৰাই গীত ওপজে, অৰ্থাৎ যেতিয়া সি এইবোৰ দেখি আচৰিত হল, আৰু ঈশ্বৰৰ অপাৰ ক্ষমতা তাৰ মনত লাগিল তেতিয়া সি থাকিব নোৱাৰি হঠাৎ সুৰ লগাই ঈ- গৰৰ মহিমা গাবলৈ ধৰিলে। এই কথাটিতে। অৱশ্য যুক্তি আছে। কিছুমান মানুহে ইয়াকে গীতৰ উৎপত্তিৰ কাৰণ বুলি মানি লৈছে। কিন্তু আমাৰ বিবেচনা হয়, যে যিবিলাক মানুহে গীতৰ এই কাৰণ দিছে আৰু যিবিলাকে তাকে হয় বুলিছে তেওঁলোকে কথাটো ভালকৈ লুটীয়াই বগই চোৱা নাই। যিটো কৰাৰ কাৰণ অনেক হব পাৰে, তাৰ যথাৰ্থ কাৰণ ঠিক কৰোতে আগ-গুৰি ভালকৈ গৰি চাৰ লাগে; নাইবা আচলটোক এৰি মিছা কথা এটাকে আচল বুলি ধৰাৰ আটক নাই। গীতৰ কাৰণ পৰি গৰি ৰত