পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গীত। এতিয়া ওপৰ বিধৰ অৰ্থাৎ আচল গীতৰ বিষয়হে আলো চনা কৰা হব। | গীত অতি প্ৰাচীন বস্তু। ইয়াৰ উৎপত্তিৰ দিন ঠাৱৰ কৰি কোৱা বৰ টান কথা। আদিৰে পৰা গীত চলি অহা যেন দেখা যায়। ভাষা আৰু গত প্ৰায় একে লগেই পজে; কিন্তু সাহিত্যতকৈ যে গীত আগেয়ে ওলাইছে তাৰ কোনো সন্দেহ নাই। যেতিয়া মানুহে ভাষা লিখিবলৈ ধৰে, তেতিয়াৰ পৰাহে সাহিত্য নামে এটা বস্তুৰ সৃষ্টি হৈছে। কিন্তু গীত তাৰে আগেয়ে আছিল। মানুহ যেতিয়া অজ্ঞান আন্ধাৰত পৰি হাবিৰ মাজত আছিল, জ্ঞানৰ পোৰ কে নেকুৱা তাৰ ভূ নাপাহছিল, তেতিয়াও গীত বৰ্তমান। এক ৰকমে চালে গীত মানুহৰ লগে লগে হোৱা যেন অ- মুমান হয়। ঈশ্বৰে মানুহৰ চিত বৰ কোমল কৰি সৃজন কৰিছে, অলপতে সিহঁতৰ মনত বিষদ জন্মে, আৰু অলপতে আনন্দ পায়। বিষাদ লাগিলে কান্দে আৰু যদি শোক বেগ বৰ তীব্ৰ হয় তেন্তে বিনাই বনাই কান্দে। এই বি ননি দূৰৈৰ পৰা কেতিয়াবা গীত বুলি ভ্ৰম হয়। আচলতে শোকসূচক গীত আৰু বিননি এই দুইৰ ভিতৰত বে কিবা প্ৰভেদ আছে, তাক নিচাৰি পোৱা নাযায়। বৰ মৰমৰ পুতেক মৰিলে মাকে তাৰ গুণ বিনাই কালে। সি কেনেকৈ হাঁহিছিল, কেনেকৈ আই বুলিছিল, কেতিয়া কি মৰমীয়ান কথা কৈছিল এই এটাগবিলাক কথা এনে ভাবে সুৰ লগাই ৰণিৰ ৰে দূৰৈৰ পৰা শুনিবলৈ গীতৰ নিচিনা। আৰু গীতো গাৰ জন মানুহে কোমল মুৰে গালে বিননি যেন এৰি।