নাটক। ৮৫ অলপ মাথোন দেখা যায়। কোনো কোনো লিখকে মূল কথাকে মূল কৰি তাতে আন আন তেওঁৰ মন-গঢ়া নতুন কথা লগাই নাটক লিখে। এই বিধৰ নাটকেই বৰ চলিত। কিন্তু মূল কথাই হওক বা উপকথাই হওক, নাটক লিখোতে উপকথাৰ দৰহে লিখিব লাগে। মূল কথাকে। অলপ লৰাই উপকথাৰ নিচিনা কৰিলেহে তাৰ ৰস বাঢ়ে। আগত উনু- কিয়াই অহা হৈছে, যে নাটক পণ্ঠ গদ্য দুয়ো প্ৰণালীতে লিখিব পৰা যায়। কিন্তু পদ্যত লিখিলে মিল ছন্দত লিখা, ভাল নহয়; অমিল ছন্দহে তাহ খাটে। পণ্ঠত লিখা নাটক ছলেই; পাচে, মংসুনে অমিল ছন উলিয়াই দিবৰ পৰা ঞ্জি কালি দুই চাৰি খান পঠ প্ৰন্ধত লিখা নাটক ওলাবলৈ ধৰিছে। গীত। পথৰ দ্বিতীয় ভাগৰ নাম গীত। নাটকত বাজে পদ্য লিখা যি যি কথা আছে মানে সকলোৱেই এই ভাগৰ ভিতৰত পৰে। কাৰণ পছত লিখা এটাইবোৰ কথাকে সুৰ লগাই গাব পৰা যায়। কিন্তু বলে ছন্দৰ এক সু। নহওঁ; লেচাৰ যি সুৰে গাৰ পাৰি, দুলড়ীও সেই সুৰ গাব নোৱাৰি। এই দেখি চুদবোৰৰ বেলগ বেলেগ নাম থোৱা হৈছে। গীতৰ প্ৰধান ভাগ দুটা। ইয়াৰে এভাগ কেৱল সুৰ লগাই গাবলৈ লিখে, আৰু আনটো ভাগ কেৱল লিখকৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ লিখা হয়। তলৰ বিবৰ কথা এক কোৱা হৈছে, সেই বেশি
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৯
অৱয়ব