পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাহিত্যৰ সাধাৰণ লক্ষণ

ভাষাৰেই হে আমি পৃথিবীত সবাতকৈ শ্ৰেষ্ঠ। কিন্তু অকল ভাষাই আমাৰ ইমান উপকাৰ সাধিব নোৱাৰিলে হেঁতেন। যেতিয়া মানুহে লিখিব নাজানিছিল, যেতিয়া কাপৰ ব্যৱহাৰ পৃথিবীত নাছিল, সেই সময়ত ভাষাৰো বৰ আদৰ নাছিল। ভাষা যে ইমান গুণৱতা হল, ই কেৱল লিখাৰ বলতহে। মানুহে বুদ্ধিৰে উলিওৱা কথা লিখি থবলৈ এটো উপায় নথকা হেঁতেন, ভাষাৰ পৰা আমি ইমান উপকাৰ কেতিয়াও নাপাওঁ।

 মানুহে যেতিয়াৰ পৰা কথা লিখিবলৈ ধৰিলে, সেই দিনৰ পৰা সাহিত্যৰ সৃষ্টি হল বুলি ধৰিব পাৰি। ভাষা লিখিলেই সাহিত্য নাম পায়। ভাব আৰু সাহিত্যৰ ভিতৰত ইমান মিল, যে সময়ে সময়ে কোন টো কি বাছি উলিয়াবলৈকে টান হৈ পৰে। কিন্তু এই কথাৰ পৰা এনে ভাবি লোৱা উচিত নহয়, যে ভাষা আৰু সাহিত্য একে। সিহত আকাৰে প্ৰকাৰে একে ৰকম হলেও, দুইও বেলেগ বেলেগ বস্তু। সিহতৰ গুণ বেলেগ, লক্ষণ বেলেগ, আৰু নামো সুকীয়া। কিছুমান কথাত যদিও দুইৰো বৰ মিল দেখা যায়, কিছুমান কথাত আকৌ ইমান অমিল, যে সিহতৰ ভিতৰত একো সমন্ধই নাই বুলিব পাৰি। প্ৰথমতে চোৱা, ভাষা কেৱল এটা নাম মাথোন। ভাব প্ৰকাশ কৰিবলৈ মানুহ মুখেৰে নানা প্ৰকাৰ শব্দ কৰে তাৰ একোটা শব্দৰ নাম আখৰ। আখৰৰ এটা বা কেইবাটাও গোটখাই এটা বস্তুৰ নাম হয়। এই নামবোৰ যেতিয়া মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ উচ্চাৰণ কৰে তেতিয়া তাকে ভাষা বোলে। কিন্তু সহিত্য