পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
সাহিত্য বিচাৰ‌।

কাপ-আখৰেৰে গঢ়া বস্তু। মানুহে লিখিবলৈ শিকাৰ আগেয়েও ভাষা আছিল, আৰু এতিয়াও আছে। কিন্তু সাহিত্য আগেয়ে নাছিল। ভাষাৰ আদখিনি ঈশ্বৰে আৰু আদখিনি মানুহে কৰা, কিন্তু সাহিত্য হ’ল সৰ্ব্বংশে মানুহৰ হাতে গঢ়া বস্তু। সাহিত্য আৰু ভাষাৰ ভিতৰত যে কেৱল এই খিনিহে অমিল এনে বুলি ভবা উচিত নহয়। ৰাতি আৰু দিনৰ যেনে প্ৰভেদ, সিঁহতৰ ভিতৰতো প্ৰায় সিমানেই প্ৰভেদ! মিল কেৱল একে ঠাইত মাথোন দেখা যায়। আগতে কৈ অহা হৈছে যে নানা বিধ শব্দ গোট খুৱাই একেঠাই কৰি এটা ভাব প্ৰকাশ কৰাৰ নাম ভাষা। এতেকে ভাষা শব্দ মূলক, অৰ্থাৎ শব্দ নহলে ভাষাৰ সৃষ্টি হব নোৱাৰে। যদি কাহানিবা মানুহে শব্দ এটাইবোৰ পাহৰি যায়, তেন্তে সেই দিনাই ভাষাৰো মুৰ মৰিব। সাহিত্যও প্ৰায় তেনেকুৱা। কিছুমান শব্দ লগ কৰি এটা কথা লিখিলেই সাহিত্য হয়। এতেকে সাহিত্যকো ভাষাৰ নিচিনা শব্দৰ সমষ্টি বা পুঞ্জ বুলিব পাৰি। এই ঠাহতে ইহঁত দুয়োৰো বৰ মিল দেখা যায়। ইয়াত বাজে এহেলৈ যত ধৰা তাতে সিহঁত বেলগ। ইহঁত দুইৰো ভিতৰত কত কত মিল আৰু কত অমিল ভালকৈ বুজি নললে সাহিত্য শিকাত বহুত বিঘ্নি জন্মিব পাৰে। কিয়নো, আমি আদিত কৈছো, যে কতবিলাক মানুহে ভাষা শিকে হয় তেও সাহিত্যৰ ৰস নাপায়। ভাষা ওপৰতে থকা বস্তু চকু ফুৰালেই তাক দেখা যায়। যেৱে আখৰ চিনে আৰু শব্দৰ অৰ্থ জানে সেয়ে ভাষা দেখা পায়, আৰু শিকিৰ পাৰে কিন্তু সাহিত্য তেনেকুৱা নহয়। তাক ভাষাৰ মানৰ পৰা