পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য বিচাৰ

লোকৰ ভাগৰ লাগিলে সাহিত্য ৰূপ বিলাস বনত সোমাই তাৰ নানা বিধ শোভা চাই চাই ভাগৰ পাহৰে। এই পৱিত্ৰ সুখ লভিবলৈ সকলোৱে যত্ন কৰা উচিত। কোন বাটে গলে এই সুখ লাভ কৰিব পাৰি তাক আমি ক্ৰমে দেখুৱাম। সম্প্ৰতি সাহিত্য কি বস্তু, কিহকনো সাহিত্য বোলে, তাৰ লক্ষণ কেনে, কোনে কি বস্তুৰে সাজিলে, কেতিয়া হল, আগেয়ে কেনে আছিল, এতিয়া কেনে হৈছে, আৰু আন কিহৰ লগত সাহিত্যৰ বিশেষ সমন্ধ আছে, জয় জয়তে এই কেটা কথা ভালকৈ বিচাৰি চাব লাগিব। তেহে আমি সাহিত্যৰ ওচৰ চাপিব পাৰিম।

 সংসাৰৰ সকলো প্ৰাণীতকৈ যে মানুহে ইমান বেছি উন্নতি কৰিছে, তাৰ কাৰণ এই যে সিহঁতে নিজৰ মনৰ ভাব আনক ভাঙ্গি কব পাৰে। এটা মানুহে নিজ বুদ্ধিৰে যি শিকে তাক তাৰ লগৰীয়াবিলাকক বুজাই কব পাৰে। এই ক্ষমতা নথকা হেঁতেন মানুহে কেতিয়াও ইমান খিনি উন্নতি কৰিব নোৱাৰে। যেয়ে যি শিকে, সি তাৰ লগতে লোপ হল হেঁতেন। এতিয়া সেই ক্ষমতাৰ গুণত আমি আনে শিকা বা উলিওৱা কথাৰ পৰা উপকাৰ পাওহঁক। যি উপায়ৰ দ্বাৰাই এজনৰ মনৰ ভাব আন এজনক প্ৰকাশকৈ কব পৰা যায় সেই উপায়ৰ নাম ভাষা। ভাষা কেনেকৈ হল তাক কোনে সাজিলে এই বোৰ কথা আমাক এতিয়া নালাগে। সম্প্ৰতি ইয়াকে জানি থলেই হব, যে আমি ভাষাৰ গুণতহে অন্য জীৱ-জন্তুতকৈ বেছি উন্নতি লাভ কৰিব পাৰিছোঁ। এই ভাষাৰ দ্বাৰাই আমাৰ মনৰ ভাব ব্যক্ত কৰোঁ। এই