পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
সাহিত্য বিচাৰ।


গেয়ে ধন্ম প্ৰচাৰ কৰাই কেৱল নাটকৰ উদ্দেশ্য আছিল। কিন্তু আজি কালি তাৰ উদ্দেশ্য বেলেগ হৈছে। এতিয়াৰ মানুহে ৰাইজৰ মনত আনন্দ লগাবলৈহে নাটক লিখে। যদিও নীলদৰ্পণ, চৈতন্যলীলা আদি কৰি দুই এখান নাটকৰ উদ্দেশ্য বেলেগ দেখা যায়, তথাপি মুঠতে কব লাগিলে মানুহৰ মনত ৰং লগোৱাত বাজে আজি কালি নাটকৰ আন উদ্দেশ্য নাই।

 নাটক উদ্দেশ্য সলনি হোৱাৰ নিমিত্তে তাৰ লিখাৰ ধৰণো কিছু বেলেগ হৈছে। আগৰ লিখক বিলাকে যি নিয়মে নাটক লিখিছিল, এতিয়াৰ বিলাকে সেই দৰে নিলিখে। পুৰণি নাটক এটাইবোত সূত্ৰধাৰী বা নট নটী দেখিবলৈ পোৱা যায় , ভাৱনাৰ ভাল বেয়া ইহঁতৰ দ্বাৰাই বিচাৰ কৰোৱা হৈছিল। সূত্ৰধাৰী আৰু নট নটীৰ কাম একে নহয়, সিহঁতৰ ভিতৰত অলপ বিভিন্নতা আছে। যি নাটকত সূত্ৰধাৰী আছে, তাত নট নটীও থাকিব পাৰে, বা নট নটী নিদি কেৱল সূত্ৰধাৰীৰ দ্বাৰাই কাম চলাব পাৰি। আৰু কোনো কোনো নাটকত সূত্ৰধাৰী নাথাকেই, কেৱল নট নটীহে দেখা যায়। অতি আদিৰ যিবোৰ নাটক, তাত নট নটী নাই, অকল সূত্ৰধাৰী মাথোন থাকে। শকুন্তলাৰ আগেয়ে যিবোৰ নাটক লিখা হৈছে, তাত কেৱল সুত্ৰধাৰীহে দেখা যায়, নট নটী নাইকিয়া। সুত্ৰধাৰীয়ে নাটকৰ কথা প্ৰথমতে উলিয়ায়, আৰু কোনটোৰ পাচত কি হব, তাক সংক্ষেপে সভাক জনায়। এক ৰকমে চালে সুত্ৰধাৰী ভাৱনাৰ চালক। কোনে কেতিয়া কি কৰিব লাগে তাক সুত্ৰধাৰীহে কৈ দিয়ে। নট নটীৰ কিন্তু এই কাম নহয়। যিবোৰ নাট-