পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
নাটক।


ক বুলি নিলিখিলেও তাৰ লিখাৰ প্ৰণালী দেখিয়েই বুজিব পৰা যায়। আন কিতাপ লিখোঁতে লিথকে এটাই খিনি কথা নিজে কয়। কিন্তু নাটকত তেনে নহয়। লিথকে এটা কথাও নিজে উচ্চাৰণ নকৰে, যি কবলগীয়া তাক আনৰ দ্বাৰাহ কোৱায়।

 নাটক অতি প্ৰাচীন বস্তু, ইয়াৰ সৃষ্টি হবৰ অনেক কাল হৈছে। আগৰ ধৰ্মলৈ আনিবৰ মনেৰে প্ৰথমতে নাটক লিখে। কি ভাৰতবৰ্ষ , কি ইউৰোপ সকলো ঠাইতে নাটকৰ সৃষ্ট ধম্ম প্ৰচাৰকে কৰি যায়। এইবাবে আমি তেওঁ লোকৰ শলাগ লব লাগে। আদিৰ ধৰ্ম্ম প্ৰচাৰক বিলাক অৱশ্য বুদ্ধিমন্ত লোক আছিল। ধৰ্ম্মৰ মৰ্ম্ম মানুহৰ মনত , সুমাবলৈ নাটকতকৈ ভাল উপায় নাই। প্ৰথমতে যি জনে নাটক উলিয়ায়, তেওঁৰ বুদ্ধি অৱশ্য অসীম। মুখেৰে এনে হৈছিল, তেনে হৈছিল, বা এনেকুৱা আছিল, তেনেকুৱা . আছিল বুলি কৈ ফুৰাতকৈ সেইবোৰ কথাৰ নাটক লিখি ভাৱনা কৰি চকুৰ আগতে দেখুৱালে অৱশ্য মানুহৰ মন বেচিকৈ মজে। বিশেষকৈ অশিক্ষিত মানুহবোৰে বেগেতে একো কথাৰ ধাতু ধৰিব নোৱাৰে। সিহঁতক ন্যায় বা বিজ্ঞানেৰে বুজুৱাতকৈ সেই কথাৰ ভাৱনা কৰি দেখুৱালে অনেক গুণ দিয়ে; এই দেখি শঙ্কৰদেৱে মহাপুৰুষীয়া ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ অনেক নাটক লিখিছিল। সেই নাটকবোৰ অৱশ্য লিখাত বৰ ভাল হোৱা নাই, কিন্তু তাৰ পৰা তেওঁৰ উদ্দেশ্য সিদ্ধি হৈছে। সেই নাটকৰ ভাৱনা চায়েই অনেক মানুহ মহা পুৰুষীয়া হৈছিল। আজিলৈকো তাৰ আদৰ কম নাই। আ-