পদ্যৰ সাধাৰণ লক্ষণৰ বিষয় আমাৰ আলোচনা ও পৰিল। ওপৰত যিবোৰ নিয়ম দিয়া হল, তাৰ পৰা পদ্য লিখেতাৰ আৰু পঢ়েতাৰ যে অনেক সুবিধা হব, তাত আমাৰ মুঠেই সন্দেহ নাই। ইয়াৰ ভিতৰত দুই চাইটা বেগত বুজিব নোৱাৰা কথা ওলাব পাৰে, কিন্তু পদ্য পঢ়োতে সেই বোৰ মিলাই মিলাই পঢ়িলে সহজে তাৰ মৰ্ম্ম পোৱা যাব। | নাটক। পদ্যক নানা ভাগে বিভক্ত কৰিব পৰা যায়, কিন্তু তাৰ প্ৰধান ভাগ দুটা মথোন। আন আন যিবোৰ ভাগ হব পাৰে, সেই বোৰ এই দুই ভাগৰ ভিতৰতে পৰে। এতেকে বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ নকৰি, কেৱল প্ৰধান ভাগ দুটা বিচাৰি চালেই পদ্যৰ এটাই খিনি পোৱা যাব। এই প্ৰধান ভাগৰ এটাৰ নাম নাটক। নাটকক পদ্যৰ ভিতৰত ধৰা দেখি প্ৰথমে আচ- ৰিত যেন লাগিব পাৰে! কিন্তু অল গমি চালেই এই ভ্ৰম দূৰ হব। নাটক গদ্য প্ৰবন্ধে লিখিলেও গদ্য নহয়। আমি শিয়া অৰ্থ মতে ই পদ্যৰ ভিতৰত পৰে। যি মানুহে নাটক লিখে, তেওঁ কেৱল নাটকৰ কথাটে। অৰ্থাৎ ঘটনাটো মাথোন কব নোখোজ। সেই ঘটনা কেনেকৈ ঘটিছিল, আৰু সেই ঘটনা দেখিলে মনৰ গতি কেনেকুৱা হয়, তাকে দেখুৱাবলৈহে নাটক লিখা হয়। যদি এয়ে নাটক উদ্দেশ্য হল, তেন্তে তাক পদ্য সুবুলি আৰু কি বুলিব পাৰি? এই বিধ পদ্য চিনাবলৈ বহুত কথা খৰছ কৰিবৰ একো সকাম নাই; কিয়নো ইয়াক দেখা মাত্ৰেই সকলোৱে চিনিব পাৰে। কিতাপৰ ওপৰত নাট
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৪
অৱয়ব