সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

বেজাৰ নলগা হয়, তেতিয়াহে সাহিত্যৰ ফাললৈ মন দিয়া যুগুত। সাহিত্যত এবাৰ মন বহিল আৰু শঙ্কা নাই। তাৰ সোৱাদ এবাৰ পালে পাহৰিব নোৱাৰি। সেই দেখিহে এজন কবিয়ে ঈশ্বৰত খাটিছিল, যে তেওঁক যেন এই পৃথিবীত আকৌ জন্ম দিয়ে আকৌ যেন তেওঁ সাহিত্য সুধা পান কৰিবলৈ পায়।

 সাহিত্যৰ সোৱাদ আন বিলাক মিঠা বস্তুৰ দৰে নহয়। আন আন বস্তুৰ সোৱাৰ জিভাৰে পাওঁ, আন বস্তুৰ ৰূপ চকুৰে দেখোঁ। কিন্তু সাহিত্যৰ সোৱাদ মুখৰ জিভাৰে নাপায় তাক মনেৰে চাকিব লাগে, তেহে তাৰ ৰূপ বা সোৱাৰ গম পোৱা যায়। সেই দেখি জিভা নোহোৰ মানুহেও সাহিত্যৰ ৰকম বুজিব পাৰে। কনাইও তাৰ ৰূপ দেখি ভোল যায়। সাহিত্য সম্ভোগৰ নিমিত্তে বহুত ধন-বিতে খৰচ কৰিব নালাগে, বা দেশ এৰি বিদেশলৈকো যাব নালাগে। ঘৰতে বহি সেই পৱিত্ৰ সুখ ভোগ কৰিব পাৰি। আৰু সুখৰ অন্তত কেতিয়াবা দুখ মিলে, কিন্তু সাহিত্যৰ পৰা আনন্দ পোৱা যায়, তাত বিষাদৰ অলপো মিহলি নাই। সাহিত্য কেৱল সুখৰ ভঁৰাল। নন্দন কানন যেনেকৈ দেৱতা সকলে অমৃত পান কৰি সকলো দুখ পাহৰে, সেই দৰে জ্ঞানী মানুহে সাহিত্য পঢ়ি বা সমালোচনা কৰি সংসাৰৰ চিন্তা পাহৰে আৰু পৰম হৰিষ কাল নিয়ায়। জ্ঞানী লোকৰ পক্ষে সাহিত্য জিৰণি লোৱা ঠাই। আনকি মানুহৰ যেতিয়া গৃহকৰ্ম্ম কৰি ভাগৰ লাগে, তেতিয়া তেওঁলোকে গীত-বাজনা বা আনকোনো -------- আশ্ৰয় লয়। কিন্তু জ্ঞানী