পদ্য।
সেই বিষয়টো মনত থিৰ কৰি লব লাগে। যি কথা লিখিবা
তাক ভালকৈ লৰা। মানুহৰ এটা গুণ আছে, যে বহুত
দিনীয়া পুৰণি কথাকে। ভাবি ভাবি মনত নতুন কাৰ তুলৰ
পাৰি। ইয়াৰ প্ৰমাণ অলপ গমি চালেই পোৱা যায়। যাৰ
বৰ পেনে ভাই বা ককাই মৰি গৈছে, সি য দ সেই কথা
বাৰ বছৰৰ মূৰত এদিন ভাবে অৰ্থাৎ সেই সময়ত কি কি
হৈছিল, তাৰ ভায়েক কেনেকৈ নৰিয়া পৰিল, সেই নৰিয়া
লাহে লাহে কেনেকৈ টান হল, মৰিবৰ অলপ আগেয়ে ভা-
য়েকে কেনে কৰিছিল, কি কি কথা কে ছল, আৰু মৰলত
তাৰ মন ও কি কি ভাব ওলাইছিল, এইবোৰ কথা যদি
একান্ত মনে মকলে বহি ভাবিবলৈ ধৰে, তেনেহলে পুনৰায়
সেই ভাব মনত জাগি উঠিব, চকুৰ পানী ওলাব, আৰু
মন ব্যাকুল হৈ পৰিব। তাৰ মনত তেতিয়া এনে শোক
লাগিব, যে ভায়েক বেন সেই দিনাহে মৰছে। সকলো পুৰণি
কথাকে এই দৰে ন কৰি লব পৰা যায়। যি বিষয় তুমি
পদ্য লিখিব খোজা, সেই বিষয় এই দৰে ভাবি ভাবি মনত
একে বাৰে নতুন কৰি লব লাগে। এই দৰে কথা ঠিক
কৰি ললে লিখেতে আৰু একো টান পোৱা নাযায়; শব্দ,
উপমা, কথাৰ মিল সকলো আপুনি কাপৰ মুখেৰে ওলাবলৈ
ধৰে। কোনো নতুন বিষয় অৰ্থাৎ নকৈ ওলোৱা ভাব লৈ
কবিতা লিখিব খুজিলে, সেই ভাব নতুন থাকেঁতেই আৰম্ভ
কৰা উচিত। বিবেচনা কৰা, তুমি আজি এড়োখৰ বৰ সুন্দৰ
যাই দেখিল বা এটা কোনো বৰ দুখজনক কথা দেখি।
যদি সেই বিষয় কবিতা কৰিব খোজা, তেন্তে সেই দিনাই
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
