পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
পদ্য।


ছিল। আজি কালি মনৰ ভাব গতি দেখুৱাবলৈ কবিতা লিখা হয়। যি ভাব গভীৰ, কোমল, বেগতে নোৱাৰি, যি ভাবত আনন্দ বা বিষাদ ৰূপ মধুৰতা থাকে, সেইবোৰ ভাব প্ৰকাশ কৰিবলৈ আজি কালি কবিতা লিখে। এতিয়াৰ পদ্যত ছন্দৰো অলপ পৰিবৰ্তন হৈছে, আৰু আগেয়ে নথকা নতুন ছন্দৰো সৃষ্টি হৈছে। পূৰ্বে আমাৰ দেশত অমিল ছন্দ নাছিল, তাক মহাকবি মধূসুদনে প্ৰথমতে উলিয়ায়। এতিয়া অবশ্য সেই ছন্দ চাৰিও ফালে চলিত হৈছে। ইয়াত বাজেও নাম নোহাৱা দুই এট নতুন ছন্দ চকুত পৰে। এই ঠাইতে আৰু এটা কথা কোৱা উচিত, যে আগৰ কবিতা বোৰত একো ফাঁকিতে একোটা ভাব শেষ হৈছিল। কিন্তু আজি কালি এটা ভাবকে ঘূৰাই পকাই কেহবা শাৰীলৈকে টানি আনে। এই নিয়মটো প্ৰায় অমিল ছন্দ হে বেচিকৈ পোৱা যায়। এটা উদাহৰণ চোৱা।—

ভোমোৰা গায়ণ হল কবিৰ কৃপাত,
লতা হল ৰূপৱতী নাচে যত পাত।
সেচুলুক' সুৰসিকা টুনি বৰ গুণী,
গাঁতত পাগত আৰু হল কুমাৰণী।
বিয়া হল পদুমৰ জোনৰ লগত,
ওলাণ মধু হাঁহি যুতীৰ মুখত।

 এতিয়া মন কৰাঁ, এই কবিতাটোৰ শাৰীয়ে পতি একোটা ভাব। প্ৰথম শাৰীত যি ভাব আছে, দ্বিতীয় শাৰীত তাৰ একো নাই। ফাঁকিয়ে পতি বেলেগ বেলেগ কথা। প্ৰথম ফাঁকিত কলে, কবিৰ প্ৰসাদতহে ভোমোৰা গায়ণ হল। তক