পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লাহিত্য বিচাৰ। নিমিত্তে ভাল ভাল কবিৰ কবিতাতে আমি ৰস নপাহক। এই দৰে ভাব বিচাৰি উলিয়াব পাৰিলেই পদ্য শিকা হয়। | আগৰ দিনত পদ্য যেনেকৈ লিখা হৈছিল, এতিয়াৰ কবি- বিলাকে সেই দৰে নিলিখে। পদ্যৰ গঢ় আগতকৈ বন্ধু ত লৰিছে। আজি কালিৰ কবিতাৰে সৈতে আগৰ কবিতা তুলনা কৰি চালে, এতিয়াৰ কৰিবিলাকক কবি বুলিবই নোৱাৰি। আগৰ কবিতাত উপমা অলঙ্কাৰৰ ভাগ বেচি আছিল, এতিয়া কথাৰ ভাগ সৰহ হৈছে। আগেয়ে পদ্য লিখোতে মানুহে শব্দৰ ফাললৈ বৰকৈ নাচাইছিল। আজি কালি শষ যোজনা পদ্য লিখেতাৰ এটা প্ৰধান কাম। আগৰ কবিবিকে প্ৰায় চলিত ঘটনা লৈ কবিতা কৰিছিল। আজি কালি তেনেকুৱা কবিতা অলপহে দেখা যায়। এতিয়া প্ৰকৃতিৰ শোভা, সংসাৰৰ অৱস্থা বা মানুহ সুখ, দুথ লৈহে পদ্য লিখে। কবিৰ মনত যদি বিষাদ লাগে, সেই বিষাদিত অৱস্থাত তেওঁৰ মনৰ ভাব কেনেকুৱা হয়, তাকে পদ্য কৰি লিখে। কেতিয়াবা চলিত ঘটনাৰে কবিতা কৰে; কিন্তু তাৰ দ্বাৰাই পটনাটো প্ৰকাশ নকৰে। সেই সময়ত কবিৰ মনত কেনে ভাৰ হৈছিল ৰা হব পাৰে, কেন তাকে হে দেখুৱায়। আমি পদ্যৰ যি অৰ্থ কৰিছোঁ, সেই অৰ্থ অনুসাৰে ৰামায়ণ আৰু মহাভাৰতক মিশ্ৰ পন্য হে বুলিব পাৰি। কিন্তু ঠায়ে ঠায়ে তাত শুধু কবিতাও অনেক পোৱা যায়। আজি কালি যি অভিপ্ৰায়ে পন্য লিখা হয়, আগেয়ে সেই অতি প্ৰায় নাছিল। আগৰ কবিয়ে কেৱল কথা প্ৰকাশ কৰি বলৈ, অৰ্থাৎ যি যি ঘটনা ঘটে তাকে কবলৈ কবিতা লিখি-