পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৯
সাহিত্য বিচাৰ।


আহাঁ দয়া কৰি আহাঁ জোন বাই
সেই দৰে আজি আকৌ পুনৰায়।
পাতোঁ দুইও মেল দুপৰ ৰজনী।
কওঁ ভাঙ্গি ছিঙ্গি দুখৰ কাহিনী।

 এই এটা শুধ পদ্য; কিয়নো ইয়াৰ ভিতৰত এটা অপূৰ্ব্ব ভাব আছে। দুপৰ নিশা, যেতিয়া সমস্ত পৃথিবী নীৰৱ, কাৰো কতো সাৰ নাই, তেতিয়া ফট ফটীয়া জোন আকাশত উঠা দেখিলে কবিৰ মনত যি ভাব হয় সেই ভাব ইয়াত বৰ্ণনা কৰা হৈছে। জোনাক ৰাতি এই দৰে উঠি জোন দেখা পালে এনে বোধ হয় যেন পৃথিবীত আৰু কোনো নাই কেৱল জোন আৰু মইহে আছোঁ।

মিহলি পদ্যৰ উদাহৰণ।

সাধু সাধু মহাৰাজ।
সাৰ্থক তোমাৰ কাজ।।
যজ্ঞ দানে ভক্তি ভাৱে।
তুষিলা আমাৰ পাৱে।।
কৰা অনুশোচ বৃথা।
জানিলোঁ তোমাৰ কথা।।
প্ৰতিমা থাপিবা ঐত।
শুনা তাক পাইবা যৈত।।
ৰজনী প্ৰভাতে বীৰ।
যাইবা সাগৰৰ তীৰ।।
বৃক্ষক দেখিবা পাচে।