পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮
পদ্য।

বোধ হয় যেন ব্ৰহ্মাণ্ড ভিতৰে।
কেৱল দুজন প্ৰাণী বাস কৰে।
জোন আৰু মই আছোঁ জগতত
তেওঁ আকাশত মই ভুতলত।
কত শ হাজাৰ যোজন আতৰ
মই আৰু সেই মধু নিশাকৰ।
তথাপি মনত এনে ভাব হয়
সম্বন্ধত যেন হওঁ কিবা মই।
কিবা যেন মোৰ লাগে শশধৰ
চিনা পৰিচয় বহুত দিনৰ।
জোনেও অৱশ্য মোক চিনি পায়
জানে ভাল কৰি কোনো ভুল নাই।
কত দিন ৰতি 'নিৰলা’ সময়
জোনৰ লগত মহা সুখে মই।
অকলে অকলে আকাৰে ইঙ্গিতে
চকুৱে চকুৱে আৰু চিতে চিতে।
মনৰ বিকাৰ ভাঙ্গি কৈছিলোঁ
গ্বলা-গলি কৰি কত কান্দিছিলোঁ।
কত দিন ৰঙ্গে দুইও মিলি
পৰম আনন্দে কৰিছোঁ ধেমালি।
আজি সেই জোন সৌৱা আকাশত
ময়ো সেই দৰে আছোঁ ভূতলত।
অকলৈ দুজনে জগত ভিতৰে
চিনা চিনি হলোঁ অন্তৰে অন্তৰে।