পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৬০
পদ্য।

জল স্থল মাজে অছে।।
ঢউ লাগি সাগৰৰ।
নকম্পন্ত তৰুবৰ।।
হাতত পৰশু লই।
অকলে দেখিবা গই।।
ছেদিবা নিঃশঙ্ক মতি।
প্ৰতিমা সাজিবা তৈতি॥
নিচিন্তিবা মহাৰথ।
হৈব সিদ্ধি মনোৰথ।
ৰাজাক প্ৰবোধ কৰি।।
অন্তৰ্ধ্যান ভৈল হৰি।

 এইটো কেৱল নামত পদ্য ইয়াৰ ভিতৰত পদ্যৰ যোগ্য একো ভাব নাই, কেৱল এটা স্বপ্নৰ বৰ্ণনা মাথোন। কথাটো গদ্যত লিখিলেহে ভাল হলহেঁতেন। ইমুৰৰ পৰা সিমুৰলৈকে গোটেইটো পদ্য পঢ়ি চালেও নব ৰসৰ এটা ৰসো বিচাৰি পোৱা নাযায়।

শুধ গদ্য।

 অদ্ৰি আৰু গৌতমৰ মতে শূদ্ৰা বিয়া কৰালেই বামুন পতিত হয়। শৌনকে কয় যে শূদ্ৰাৰ গৰ্ভত সন্তানোৎপাদন কৰিলেহে বামুন পতিত হয়, আকৌ ভৃগুমুনিৰ মতে শূদ্ৰাৰ গৰ্ভত হোৱা সন্তানৰো সন্তান হলেহে পতিত হয়। মহৰ্ষি মনুৱে বামুনক চাৰিও বৰ্ণৰ ছোৱালী বিয়া কৰাবলৈ কৈয়েই যে সেই বিবাহ প্ৰশস্ত বুলিছে এনে নহয়, সেই বিবাহ