পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সাহিত্য বিচাৰ।

তেনেকৈ গদ্য আৰু পদ্যৰ ভিতৰতো সকলো বেলেগ বেলেগ। যদি কোনো অংশত পদ্যত লিখা কথাই গদ্যৰ ৰূপ লয়, তেন্তে তাক শুধ পদ্য নুবুলি গদ্য পদ্য বা মিহলি পদ্যহে বুলিব পাৰি। এনেকুৱা মিহলি পদ্য সময়ে সময়ে বহুত দেখা যায়। ইয়াৰ কাৰণ এই যে যি জনে পদ্য লিখে তেওঁ পদ্য কিহক বোলে ভালকৈ নাজানে; কেৱল ছন্দত কথা লিখিবলৈ শিকিয়েই পদ্য লিখিবলৈ ধৰে। আৰু মাজে মাজে এনে গদ্যও দেখা যায় যাক কোনো মতে গদ্য নাম দিব নোৱাৰি। পদ্যৰ অযোগ্য কথা পদ্যত আৰু গদ্যৰ অযোগ্য কথা গদ্যত লিখাই অবশ্য এই দোষৰ কাৰণ।

শুদ্ধ পদ্যৰ উদাহৰণ।

জীৱ-জন্তু যত নিদ্ৰাৰ কোলাত
পৰি নিদ্ৰা যায় মুখে নাই মাত।
পোহৰ বাহিৰে, চন্দ্ৰমা উদিছে
ৰজত ৰশ্মিয়ে জগত ঢাকিছে।
উদং মুকলি অখিল আকাশ
কোনো ফালে কতো নাই মেঘ-সাঁচে।
যত তৰা মানে জোনৰ লাজত
মুখ ঢাকি আছে স্বৰ্গৰ মাজত।
কেৱল চন্দ্ৰমা অকলে অকলে
ফুৰিছে আনন্দে সৰগৰ তলে।
ভূতলত মই আকাশত জোন
আৰু কেতিয়াবা বয় সমীৰণ।