পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
পদ্য।


সৃষ্টি হৈছে। প্ৰথমে তেওঁহে আমাৰ ভাষাত গদ্য লিখি যায়। বঙ্গলা ভাষাত প্ৰথমে ৺ ৰামমোহণ ৰায়ে গদ্য লিখে।

| ওপৰত লিখা কথাটো আগেয়ে কোৱা উচিত আছিল। কিন্তু তেতিয়া এই বিষয় ধৰিলে আমাৰ উদ্দেশ্য সিদ্ধি নহয় দেখি ইয়াত কোৱা হল। সম্প্ৰতি আমাৰ আলোচনাৰ বিষয় পদ্য। ইয়াৰ কথা আগয়ে যি যি কোৱা হৈছে তাৰ পৰা এনে বুজিব নালাগে যে আজি কালি পদ্যৰ গৌৰৱ একে বাৰে নাই। এতিয়াও দেশে দেশে কবি আছে, দেশে দেশে পদ্য ওলাবই লাগিছে। কিন্তু আগৰ দৰে জানিবা পদ্যই এক মাত্ৰ লিখাৰ প্ৰণালী নহয়। আজি কালি যি পদ্য লিখে সি আগৰ নিচিনা নহয়; আগতকৈ তাৰ লক্ষণ বহুত লৰিছে। কোন কোন অংশত লক্ষণৰ পৰি- বৰ্ত্তন হৈছে তাৰ বিচাৰ কৰিবৰ অগেয়ে, পদ্য কিহক বোলে এই কথাটো ভালকৈ বুজি লব লাগিব। পদ্য বুলিলে সচৰাচৰ যি বুজা যায়, শব্দটো আমি সেই ভাবে ধৰা নাই; অৰ্থাৎ পদ্য বুলিলে কেৱল ছন্দত লিখা কথাকে নধৰিবা। আমাৰ অৰ্থ মতে গদ্য প্ৰৱন্ধে লিখা কথাও কেতিয়াবা পদ্য হব পাৰে। গদ্য আৰু পদ্য এই দুটা লিখাৰ প্ৰণালী। কিন্তু প্ৰ- ণালী দুটি যে কেৱল শব্দ যোজনাতহে লগোৱা হয় এনে নহয়; ভাব, অৰ্থ, আৰু লক্ষণতো এই দুই নিয়মৰ ভিন্নতা থাকিব লাগে। মানুহৰ যেনেকৈ মতা আৰু মাইকী দুজাত আছে, সেই দৰে সাহিত্যৰৰ গদ্য আৰ পদ্য দুই বিধ। মতা মানুহ আৰু মাইকী মানুহৰ ভিতৰত যেনে আকৃতি, গঠন, লক্ষণ, স্বভাব, মাত, কথা, ভাব, ৰীতি, নীতি সকলো ভিন ভিন