পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
সাহিত্য বিচাৰ।


সিবিলাকে আদিৰ পৰা চলি অহা শ্ৰুতি মধুৰ পদ্য এৰি গদ্যত কথা লিখিবলৈ ভাল নাপাইছিল। আৰু গদ্য যে ইমান ৰসাল হয় এই কথাও তেওঁলোকে নাজানিব পাৰে। আগৰ কালত পদ্যৰ আদৰ বেছি হবৰ কাৰণ আৰু এটা আছে। সেই কালত বিজ্ঞান ইত্যাদি মূল কথাৰ বৰ চৰ্চ্চা নাছিল। যি কথা লিখিবলৈ গদ্যৰ প্ৰয়োজন তাত মানুহে মন নিদিছিল। কেৱল প্ৰকৃতিৰ ৰূপ বা মানুহৰ দুৰৱস্থা দেখি কোনো কোনো কোমল চিতীয়া মানুহে তাকে কৈ আনন্দ লভিবলৈ বা মনৰ আকোপ খেদিবলৈ দুই চাৰি কথা লিখিছিল। এনেবোৰ কথা অৱশ্য পদ্যত লিখিলে ধুনীয়া আৰু মনোৰম হয়, সেই দেখি পদ্যত লিখাও হৈছিল। পাছে বহুত দিনৰ মূৰত আহি বিজ্ঞান ওলাল, ইতিহাস লিখিবৰ সকাম হল, কোনো বিষয় লৈ লিখা লিখি কৰি তৰ্ক কৰিব লগাত পৰিল, সেই দেখি মানুহে পদ্য এৰি গদ্যত ধৰিলে। আদিতে অৱশ্য গদ্য ইমান মধুৰ নাছিল। গদ্যত লিখা পুৰণি কিতাপ পঢ়ি চালে লৰাই লিখা যেন বোধ হয়। কিন্তু সময় ক্ৰমে মানুহে গদ্যৰ ৰস বুজিব পৰা হল, আৰু তাক কেনেকৈ সুললিত বা মনোৰম কৰিব পাৰি, তাৰো উপায় শিকিলে। আজি কালি গদ্যৰহে বেছি আদৰ, পদ্যৰ দিন এক প্ৰকাৰে গল বুলিবই পাৰি। এতিয়া যেয়ে যি লিখে তাক পৰা পক্ষত পদ্যত নেলেখে। আমাৰ দেশত গদ্য ওলাবৰ নিচেই অলপ দিনহে হৈছে। আগৰ দিনৰ খান- চেৰেক গদ্যত লিখা বুৰঞ্জী আছে হয়, কিন্তু যথাৰ্থ মতে ৺ আনন্দৰাম ঢেকীয়াল ফুকনৰ দিনৰ পৰাহে আসামত গদ্যৰ