পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
পদ্য।


হয়, সেই দেখি লিখিবৰ সময়ত তাক ভাল নালাগিছিল। আৰু পদ্যৰ নিজৰে কিছুমান গুণ আছে। এই প্ৰণালীত লিখা কথাৰ ফাঁকিয়ে ফাঁকিয়ে মিল থাকে, তাক গীত গোৱাৰ নিচিনাকৈ গাই যাব পাৰি। পদ্যতভাল ভাব বা উত্তম অলস্কাৰ নাথাকিলেও সি এনেয়ে মিঠা। সাহিত্যৰ ৰস নুবুজা মানুহেও পদ্যৰ অলপ ৰস পাব পাৰে। আমাৰ দেশত ঢুলীয়া, খুলীয়া, বহুৱা আদিকৰি যিবোৰ মানুহে গীত গায়, সিহঁতে জানো কিবা সাহিত্য-ৰসৰ ভূ পায়? তেওঁ যে হেঁপাহ কৰি গায় তাৰ কাৰণ কেৱল এই—পদ্যত কথায় কথায় মিল থাকে, এতেকে শুনিবলৈকো মিঠা লাগে। কিন্তু গদ্য তেনে- কুৱা নহয়। ভালকৈ লিখিব নোৱাৰিলে তাৰ সোৱাদ কোনো মতে উলিয়াব নোৱাৰি। সাধাৰণ মানুহৰ পক্ষেতো গদ্য কে- তিয়াও সোৱাদ হবই নোৱাৰে। কিয়নো গদ্য যদি নিৰলঙ্কাৰ বা ভাবশূন্য হয়, তেনেহলে তাৰ মন আকৰ্ষণ কৰিবৰ শক্তিয়েই না- থাকে। আৰু যদি অলঙ্কাৰ বা সুন্দৰ সুন্দৰ উপমা দি গদ্য লিখা যায়, তেন্তে সাধাৰণ মানুহেহে তাৰ ভাবকে বুজিব নো- ৱাৰে। এই দেখি গদ্য কেৱল শিক্ষিত মানুহৰহে বস্তু। যদি কোনো কথা চহা মানুহৰ নিমিত্তে লিথিৰ খোজা, তেন্তে তাক পদ্যত লিখাহে উচিত। ইতিহাস পঢ়িলে জানিবা যে আগৰ দিনত অতি কম মানুহহে লিখা পঢ়া শিকিছিল, সৰহ ভাগেই ক বুলিব নোৱাৰা চহা। আৰু লিখা পঢ়া জনাৰ ভিতৰতে ৰস বুজাৰ সংখ্যা নিচেই তাকৰ। এই কাৰণ আদিতে পদ্যৰ ইমান গৌৰৱ আছিল। মাজ ভো- খৰতে অৱশ্য কিছুমান মহৎ মহৎ লিখক ওলাইছিল, কিন্তু