পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তৃতীয় অধ্যায়।
পদ্য।

 সাহিত্যৰ প্ৰথম ভাগৰ কথা শেষ হল। এতিয়া তাৰ দ্বিতীয় ভাগ অৰ্থাৎ গদ্যৰ বিষয় আলোচনা কৰা হব। গদ্য প্ৰণালী এক প্ৰকাৰে ধৰিলে উজু বুলিব পাৰি আৰু তাক লিখিবৰ নিয়মো বন্ধা আছে। কিন্তু পদ্যৰ একো নিয়ম নাই বুলিলেও বুলিব পৰা যায়। এই প্ৰণালী অতি প্ৰাচীন। কথা লিখিবৰ দিন ধৰি কেৱল পদ্যেৰেহে লিখিছে, গদ্য আগেয়ে বৰ চলিত নাছিল, ই ওলাবৰ অতি অলপ দিন হৈছে। এই কথা যে কেৱল আমাৰ দেশতহে দেখা যায় এনে নহয়, পৃ- থিবীৰ সকলো ঠাইতে পদ্যৰ বৰ আদৰ আছিল। যি দেশৰে পুৰণি পুথি মেলি চোৱা, তাতে পদ্য দেখিবা। আমাৰ দে- শততো ব্যাকৰণ অভিধানো পদ প্ৰণালীত লিখা। এতিয়া সুধিব পাৰা, যে আগৰ দিনত নো মানুহে পদ্য ইমান কিয় ভাল পাইছিল। এই কথাৰ উত্তৰ অলপ গমি চালেই পোৱা যায়। মানুহৰ স্বভাৱ এনেকুৱা যে যি বস্তু আমি সদাই দেখোঁ সি বৰ সুন্দৰ হলেও আমাৰ চকুত ভাল নলগা হয়। যি গীতটো সদাই শুনা যায় সি অতি মধুৰ হলেও আমাৰ কা- ণত সোৱাদ নালাগে। ন গীত বেয়া হলেও সুললিত শুনি। গদ্য আমি সদাই দেখা বস্ত, তাৰে সদাই কথা বাৰ্ত্তা কোৱা