পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
সাহিত্য বিচাৰ।


বৰ আগেয়ে এটাইখিনি কথাৰ এটা সংক্ষেপ বিৱৰণ লিখি লব লাগে, তেনেহলে এনেকুৱা শঙ্কটত পৰিবৰ বৰ শঙ্কা নাথাকে। ইয়াতে আৰু এটা কথা কোৱা উচিত, কিতাপৰ কোনো ঠাইত এটা কথা উলিয়াই, বা কোনো মানুহ সুমাই তাৰ বিৱৰণ দিবলৈ নাপাহৰিবা। কথা অতি দীঘল হলে এই ভুলটো হবৰ আশঙ্কা থাকে, আৰু দুই এখান কিতাপত এই ভুল দেখাও যায়। ইও এটা উপকথাৰ দোষ। ইয়াক অলপ উপায় কৰিলেই এৰাব পাবি। কিতাপত যি যি প্ৰধান কথা লিখিবা, আৰু যি যি প্ৰধান মানুহ লাগিব তাক এ ডোখৰ কাকতত বেলেগে টুকি লব লাগে, আৰু মাজে মাজে তাকে চাই থাকিব লাগে, তেনেহলে পাহৰিবৰ একো ভয় নাথাকে।

⸺⸺
অসাধাৰণ উপকথা।

 উপকথা প্ৰথমতে দুভাগ কৰা হৈছিল। তাৰ এভাগ নাম, গুণ, লক্ষণ, আৰু লিখিবৰ নিয়ম এটাইখিনি দিয়া হল। সেই ভাগত কি কি দোষ জন্মিব পাৰে, আৰু সেই বোব দোষৰ হাত এৰাবৰ কি উপায়, তাৰো কথা কোৱা হৈছে। এতিয়া দ্বিতীয় ভাগব বিষয় আলোচনা কৰি গদ্য শেষ কৰা হব। এই ভাগক আমি অসাধাৰণ উপকথা বুলিছোঁ। কিয়নো ইয়াক লিখোতে মানুহৰ ক্ষমতাত নথকা, স্বভাৱতে হব নোৱাৰা নানাবিধ কথাৰ আশ্ৰয় লোৱা হয়। এই বিধ উপকথ আজি কালি মানুহে প্ৰায় লিখিবলৈ এৰিছে। আগৰ লিখা যিবোৰ উপকথা তছে, তাৰ ভিতৰতো এই