সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাহিত্য বিচাৰ।


এই বান্ধত এবাৰ পৰিলে এৰাবলৈ বৰ টান। হয়তো কিতাপ লিখাকে এৰি দিব লাগে, বা আগেয়ে যি কথা লিখিব খুজিছিলা তাক এৰি নতুন কথা উলিয়াব লাগে।

 অনেক কিতাপত দেখা যায় যে নায়কে যি কথা আগেয়ে নাজানিছিল, তেনে কথাও সি পাচে জনা হয়। কিন্তু কেনেকৈ জানলে তাৰ শুং সূত্ৰ কতো একো বিচাৰি পোৱা নাযায়। এনেকুৱা কথা কিতাপত ওলালে পঢ়োঁতাৰ মনত ভাল নালাগে। ভাৱনা ঘৰত দৃশ্য সলাই দিয়া মানুহটোক দেখিলে বা বচন সোৱঁৰাই দিয়া শুনিলে দৰ্শক বিলাকৰ মনত যেনে বেয়া লাগে, কিতাপত এনে কথা পালেও পঢ়োঁতাৰ মনত তেনেকুৱা লাগি যায়। এই দোষ যে কিয় হয় অলপ ভাবি চালেই কব পাৰি। লিথকে প্ৰথমে ভাবে যে নায়কক সেই কথাটো নজনোৱাকৈ চলিব; কিন্তু ক্ৰমে কথাৰ এনে বান্ধ লাগি আহে যে সেই কথা নায়কৰ মুখে নুলিয়ালে নচলে। এনে ঠাইত লিখকৰ বিষম বিপদ। নায়কক যদি সেই কথা তেতিয়া জনাব খোজে, তেন্তে কিতাপত নলগা নতুন কথা কিছুমান লিখিব লগা হয়, যা কেতখিনিমান আগেয়ে লিখা কথাকে একেবাৰে লুটীয়াই পেলাবলৈ লাগে। এই দুইটাৰ কোনোটোকেই কৰিব নোৱাৰি। কিয়নো ন কথা লিখিলে কিতাপৰ ভাবেই একেবাৰে নতুন হব পাৰে, আৰু যদি কথা লুটীয়াই লিখা, তেনেহলেও তাৰ লগত মিলাবলৈ আৰু ন কথা ন ভাব লাগিব পাৰে। এই দেখি লিখক ঠেকত পৰিলে কোনো ৰকমে কথাটো মিলাই থৈ যায়। এই বিপদৰ হাত এৰাব খুজিলে, লিখিবলৈ ধৰি