ৰকমৰ অতি কমহে পোৱা যায়। আমাৰ ভাৰতবৰ্ষত
বিক্ৰমাদিত্যৰ বিষয়ে কেতখিনিমান কথা আছে, সেইবোৰ
এই নিয়মে লিখা। এই নিয়মে লিখা উপকথাৰ ভিতৰত
আৰবৰ “একাধিক সহস্ৰ ৰজনীয়েই” উৎকৃষ্ট। এই খান
কিতাপ পঢ়িলে মানুহৰ কল্পনা শক্তি অপাৰ যেন বোধ
হয়। দেখোতে এই বিধ উপকথা লিখিবলৈ নিচেই উজু
যেন লাগিব পাৰে, কিয়নো সাধাৰণ উপকথা লিখাত
যিবোৰ শঙ্কট ওলায়, ইয়াত সেইবোৰ বৰকৈ ওলাব নোৱাৰে,
আৰু ওলালেও দেৱতা, ভূত, বা পৰীৰ দ্বাৰাই তৰিব পৰা
যায়। বিবেচনা কৰাঁ, এজন মানুহে সাগৰ পাৰ হব লাগে;
সাধাৰণ উপকথা হলে, এনে ঠাইত এখান জাহাজ বা সাগৰ
পাৰ হব পৰা নাও আনিব লাগিব। কিন্তু অসাধাৰণত
জাহাজ নহলেও চলিব পাৰে। বিক্ৰমাদিত্য ৰজাই যেনেকৈ
তাল বেতালৰ কাণত উঠি সাগৰ পাৰ হৈছিল, তুমিও সেই
দৰে তোমাৰ নায়কক পোহনীয়া দৈত্যৰ কাণত তুলি বা
কোনো মন্ত্ৰৰ বলত পাৰ কৰিব পাৰা। এই ফালে চালে
অসাধাৰণ উপকথা সহজ যেন বোধ হয়, কিন্তু ইয়াৰ
শঙ্কটৰ ঠাই বেলেগ আছে। আগৰ বিধ উপকথা লিখোঁতে
যেনেকৈ মানুহৰ অসাধ্য দুই-চাইটা কাম ওলায়, সেই দৰে
এই বিধ লিখাতো দেৱতাৰ অযোগ্য অথচ মানুহৰ অসাধ্য
কাম অনেক ওলায়। সেইবোৰ কাম দেৱতাৰ বা মন্ত্ৰৰ
দ্বাৰাই কৰোৱা বৰ ভাল নহয়। যি কামটো দেৱতাৰ
হাতত দি সি স্বভাৱতে দুঃসাধ্য হব লাগে। আৰু এটাই
বোৰ কাম মানুহৰ হতুৱাই কৰাই, কেবল এটা বা দুটা
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫0
অসাধাৰণ উপকথা।