সংসাৰত ঘটনা ঘটে সেই প্ৰকাৰে তেৱোঁ কথা সলায়।
যিটো কথা স্বভাবতে হব নোৱাৰে বা অসম্ভব, তাক
কিতাপত কেতিয়াও নেলেখে। মানুহ কেতিয়াও আপনি উৰিব নোৱাৰে, এই এটা স্বভাৱৰ নিয়ম। কিন্তু উপকথা
লিখোঁতে যদি কোনো মানুহক উৰিবৰ শক্তি দিয়া যায়,
তেন্তে সেই ঠাইত স্বভাৱৰ নিয়ম পালন কৰা নহয়। আৰু
বান্দৰে মানুহৰ নিচিনা কথা কব নোৱাৰে। পাচে, যদি
কোনো বান্দৰৰ দ্বাৰাই কথা কোওৱা হয় , তেনেহলে স্বভাৱৰ
নিয়ম লঙ্ঘন কৰা হল। এনেকুৱা নিয়মবোৰ পালন কৰি
উপকথা লিখিলে তাক সাধাৰণ বা স্বাভাবিক উপকথা
বোলে। কিন্তু মামুতে উৰিব নোৱাৰে বুলি যে তুমি এজনক
পাখি লগাই উৰিবলৈ পৰা কৰিৰ নোৱাৰিবা এনে নহয়।
পাখি থাকিলে উৰিব পাৰে, এইটো স্বভাৱৰ নিয়ম। এতেকে
পাখি সাজি তাকে লগাই লৈ উৰিলে প্ৰকৃতিৰ নিয়ম লঙ্ঘন
কৰা নহয়।
এই বিধৰ উপকথা লিখোঁতে লিখক ৰ সাৱধান নহলে কিতাপ ভাল নহয়। কেতিয়াবা কথা লিখি যাওঁতে এনে ঠেকত পৰা যায় যে, স্বাভাবিক কথাৰ আশ্ৰয় নললে নচলেই। এন ঠাইত লিখকে তেওঁৰ লিখাৰ আচল নিয়ম এৰি কোনো মত কায্য সাধিবলৈ বিচাৰে। আৰু সময়ে সময়ে এনেও হয় যে লিখকৰ স্বভাৱৰ নিয়ম অনুসাৰে কথা শেষ কৰিবলৈ নোৱাৰি সেই কথা তাতে এৰিয়েই দিয়ে। এই দেখিহে কোনো কোনো কিতাপত আদৰণীয় কথা পোৱা যায়। উপকথা লিখাৰ নিয়ম বহুত, সেই দেখি তাত বান্ধো অনেক।