পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
8৬
সাহিত্য বিচাৰ ।


কিন্তু যেতিয়া বেলেগ বেলেগ গোসানীৰ প্ৰতিমা সাজে, তেতিয়া মুৰ্ত্তিবোৰ গঢ়ে-পিটে একে ৰকম হোৱাটো ভাল নহয়। খনিকৰ ভাল হলে এই দোষ জন্মিব নোৱাৰে। উপকথা লিখাতো এই বিষয় বৰ সাৱধান হব লাগে। যি লিখকৰ এনেকুৱা দোষ থাকে তেওঁৰ অখানত বাজে বেচি কিতাপৰ আদৰ নহয়; কিনো এখান পঢ়িলেই তেওঁৰ লিখাৰ নিয়ম, অৰ্থাৎ কথা সজোৱাৰ প্ৰণালী বুজিব পাৰি। প্ৰথমে সেই লিখকৰ দুই এখান কিতাপ পঢ়ি পাচে তেওঁৰ যি কিতাপ পঢ়িবা, তাৰ মাজ নৌ পাওঁতেই শেহত কি হব কৈ দিবলৈ পৰা যায়। কিন্তু এনে নাভাবিবা যে তুমি যত পুথি লিখিবা তাৰ প্ৰত্যেক খান আনবোৰতকৈ সকলো প্ৰকাৰে বেলেগ হব। সেই দৰে বেলেগ কেতিয়াও হব নোৱাৰে, কিছু কিছু মিল অৱশ্যে থাকিব। এই মিল তাল লিখকৰ আন ঠাইত নাথাকে, কেৱল ভাষাত অৰ্থাৎ সাহিত্যত মাথোন দেখা যায়। কথা সজোৱাৰ প্ৰণালী খানে পতি বেলেগ হব লাগে। নায়কক বিপদত পেলায়, তাৰ পৰা উদ্ধাৰ কৰিবলৈ সদাই একে ৰকম উপায় কৰিব নালাগে। কথাৰ আৰম্ভণ আৰু অন্ত খানে প্ৰতি বেলেগ ধৰণৰ হোৱা উচিত।

⸺⸺
সাধাৰণ উপকথা

 উপকথা লিখিবৰ নিয়ম দুটা। কোনো লিখকে স্বভাৱৰ যি নিয়ম অনুসৰি কথা লিখে; অৰ্থাৎ যি নিয়মে