সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাহিত্য বিচাৰ।


হৰ ৰূপ মুনিহে, বা তিৰোতাৰ ৰূপ তিৰোতাই প্ৰশংসা কৰা কতো দেখা নাযায়। নায়ক নায়িকা সজোৱাত আৰু এটা কথা আছে। যদি কোনো মানুক তুমি ভাল কৰিব খোজা, তেন্তে তাৰ বেয়া গুণ এটিও নেদেখুৱাবা। আৰু যদি বেয়া কৰিব খোজা, তেনেহলে তাৰ ভাল গুণ এটাও উলিয়াব নালাগে। তোমাৰ নায়ক হয় সৰ্বাঙ্গ সুন্দৰ হওক, বা নিচেই কদাকাৰ হওক, অলপ ভাল অলপ বেয়া মানুহ যদিও সংসাৰত বহুত, উপকথাত কিন্তু অতি বিৰল। আৰু নায়কৰ যি যি গুণ দেখুৱা হয়, তাৰ বিপৰীত কোনো কথা সেই কিতাপত লিখিব নালাগে; অৰ্থাৎ নায়কক যদি দয়ালু কৰিছা, তেন্তে তাৰ দ্বাৰাই এনে কোনো কাম নকৰাবা যাৰ পৰা তাক নিৰ্দয় বুলি ধৰিব পাৰি। আজি কালিৰ উপকথাত আৰু এটা দোষ বৰকৈ দেখা যায়, যে লিখকে লিখিবলৈ কথা নাপাই নায়কৰ দ্বাৰাই বৰ বেচি পৰিমাণে আত্ম-চিন্তা কৰায়। বহুত কিতাপত দেখিবা, নায়কে কেবল বহি বহি সংসাৰৰ গতি, ঈশ্বৰৰ নিষ্ঠুৰতা ইত্যাদি কথা ভাবি থাকে। উপকথাত ইয়াক বেচি কৰি দিয়া ভাল নহয়। এই খিনিতে উপকথাত লগা মানুহৰ স্বভাৱৰ বিষয় দুই-চাইটা কথা কলে ভাল হয়। উপকথাত যিমান বিধৰ মানুহ লাগে, তাৰ ভিতৰত ৰজা, বীৰ, প্ৰেমিক, টেটন্‌টামন আৰু বহুৱা এই কেটা প্ৰধান। আৰু তিৰোতাৰ ভিতৰত পতিব্ৰতা, প্ৰেমিকা, কুলটা আৰু হাতধৰী এই কেইজনীয়েই ঘাই।

 ৰজা- প্ৰজাবৎসল বা অত্যাচাৰী, সদাই গম্ভীৰ আৰু