ঠিক কৰি লব লাগে। যদি তাক বৰ দয়ালু কৰিব খোজা তেন্তে সেই দৰে কথা লিখিবা অৰ্থাৎ নায়কৰ দ্বাৰাই এনেবোৰ কাম কৰাবা যেন পঢ়োঁতাই তাক দয়ালু বুলি জানে। কিন্তু কিছুমান কিতাপত দেখা যায় যে লিখকে তেওঁৰ নায়কৰ দোষ গুণ এটাইখিনি আগেয়ে কৈ লয়। এই নিয়ম ভাল নহয়; আৰু বুধিয়ক লিখকে কেতিয়াও এই দৰে নকয়। ইয়াৰ পৰা কিতাপ খনৰ অনেক বিঘিনি হব পাৰে। নায়কৰ যি যি দোষ বা যি যি গুণ আছে, সেইবোৰ তাৰ কামৰ দ্বাৰাই দেখুৱাব লাগে। কিন্তু এবিধ গুণ আছে, তাক লিখকে ভাঙ্গি নকলে আন ৰকমে প্ৰকাশ কৰিবৰ উপায় নাই। এই গুণ নায়কৰ শাৰীৰিক ৰূপ। নায়ক যদি দেখিবলৈ ধুনীয়া হয়, আৰু সেই কথা লিথকে জনাব খোজে, তেন্তে তাক নিজে প্ৰকাশ কৰিৰ লগত পৰে। কিন্তু শাৰীৰিক ৰূপ উপকথাত কেতিয়াবা কদাচিৎহে লাগে। আৰু যেতিয়া লাগে তেতিয়া লিখকে নিজে নকৈ আনৰ মুখেৰে কোৱাব পাৰে। বিবেচনা কৰাঁ, তুমি এটা উপকথা লিখিছা, তাৰ নায়ক জন ৰূপবান, আৰু সেই কথাকে তুমি পাঠকক জনাবৰ মন কৰিছা। এনেকুৱা ঠাইত নিজে তাৰ ৰূপ বৰ্ণাব নালাগে। প্ৰথমে তাত আৰু এজন মানুহ উলিয়াবা, পাচে নায়কৰ লগত তাৰ সাক্ষাত কৰাবা। এই জন মানুহ নায়কক দেখি তোল যাওক, আৰু তাৰ ৰূপ বখানক, তেনেহলে তোমাৰ উদ্দেশ্য সিদ্ধি হব। কিন্তু ইয়াতে আৰু এটা কথা মন কৰিব লাগে। নায়ক যদি পুৰুষ, তেন্তে তেওঁৰ ৰূপ তিৰোতাৰ মুখেৰে প্ৰকাশ কৰোৱা ভাল। মুনিহ মানু
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৭
অৱয়ব