তেওঁৰ কামনা সিদ্ধি নহল। কিয়নো, নায়ক জীয়াই থকাৰ
তেওঁ যি কাৰণ দিছে তাত বেগেতে মানুহৰ বিশ্বাস নহয়।
তেওঁ কয় যে পৰ্বতৰ পৰা সি মাটিত পৰা নাছিল; তলত এখান
পিটনি আছিল তাৰে ওপৰত পৰি জীয়াই থাকিল। এই
কথাটো কিমান সঙ্গত ভাবি চোৱাঁ। ইমান ওপৰৰ পৰা
পৰিলে মানুহ প্ৰায় মাটি নৌ পাওঁতেই মৰে, তেও সি হেনো
পিটনিত পৰি জীয়াই থাকিল। এনে কিতাপ পঢ়িবলৈ কাৰ
ভাল লাগিব?
যি মানুহে উপকথা লিখিবলৈ ধৰে তেওঁ এই কথাটো মনত ৰখা উচিত যে পাঠকে যেন বেগেতে তেওঁৰ অভিপ্ৰায়টো বুজিব নোৱাৰে। উণুকিৱাওঁতেই এটাইখিনি বুজিব পৰা হলে, কথাৰ একো সোৱাদ নাথাকে। কিতাপৰ শেষ নপৰে মানে কোনো কথাৰে গুৰি উলিয়াই দিব নালাগে। কথাবোৰ এনেকৈ সজাব লাগে যেন ইটোৰ লগত সিটোৰ কি সম্বন্ধ, পঢ়োঁতাই সোনকালে বুজিব নোৱাৰে। উপকথা একেই অকামিলা বস্তু, তাত মানুহৰ মন মজাই ৰখা বৰ টান কথা। নানা প্ৰকাৰ প্ৰৱন্ধ কৰিলেহে সেই কাম সাধিবলৈ পৰা যায়। কিতাপ লিখোঁতে যদি কৰবাত তুমি এটা আচৰিত কথা লিখা, তেন্তে তাৰ কাৰণটো ঠাইতে নিদিবা, পঢ়োঁতাই তেহে সেই কাৰণ জানিবলৈ আৰু দহ পাত পঢ়িব। আৰু যেতিয়া কথা লিখি যোৱা তেতিয়া এইটো মন কৰিবা যেন পাঠকৰ আশা কোনো মতে পূৰণ নহয়। পাঠকে এপাত পঢ়ি তাৰ পাচে যি হব বুলি ভাবিব তাকে তুমিও নকৰিবা। এজনক বিপদত পেলাই