পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৯
উপকথা।

কামবোৰ প্ৰায় টান বা আচৰিত হব লাগে। নানাবিধ উপকথা পঢ়িলে দেখা যায়, যে প্ৰত্যেক উপন্যাসৰ নায়কক অনেক শঙ্কটত পেলায়। কেতিয়াবা এনে বিপদলৈ আনে যে, সেই বিপদৰ পৰা তাক উদ্ধাৰৰ বাটকে দেখা নাযায়। নায়কৰ বিপদ নহলে পঢ়োতাৰ পঢ়ি ভাল নালাগে। ইওটো চাব লাগে, যে কেবল নানা প্ৰকাৰ বিষম শঙ্কট দেখালেই নহয়, তাৰ পৰা উদ্ধাৰ কৰাহে আচল কথা। তুমি উপকথা লিখিবলৈ ধৰিলে দেখিবা, যে এজনক আপদত পেলোৱা বৰ উজু, কিন্তু তাৰপৰা উপায় কৰি উদ্ধাৰ কৰাহে বৰ টান। এই খিনিতে প্ৰায় লিখকৰ বুদ্ধিৰ প্ৰমাণ পোয়া যায়। কিছুমানে ভাল উপায় উলিৱাব নোৱাৰি যেই সেই প্ৰকাৰে নায়কক শঙ্কটৰ পৰা উলিয়াই আনে। এনেকুৱা লিখকৰ কিতাপে মানুহৰ আদৰ নাপায়। এই দোষটো দুৰ কৰিবৰ এটা উপায় আছে। যি বিপদত নায়কক পেলাব খোজা, তাৰ উপায়টো আগেয়ে থিৰ কৰি ৰাখিব লাগে, বা যি বিপদৰ পৰা সুকলমে তাক উদ্ধাৰ কৰিব নোৱাৰিবা তালৈ নিনিবাই। নায়কক বহুত শঙ্কটত পেলাই বেয়াকৈ উদ্ধাৰ কৰাতকৈ শঙ্কট মুঠে নেদেখুৱালেই ভাল। এজন নিখকে তেওঁৰ নায়কক এটা পৰ্বতৰ পৰা ঠেলি পেলালে। আমি সকলোৱে জানিলোঁ যে সি মৰিল, কিন্তু কিতাপৰ শেহত দেখা গল যে সি মৰা নাই। এই জন লিখকৰ ইচ্ছা আছিল যে নায়কক এই বিপদত পেলাই তাৰ পৰা উদ্ধাৰ কৰি দেখুৱায়। প্ৰথমে যে মৰা যেন দেখুৱালে সি কেৱল আমাৰ চকুত চমক লগাবলৈহে। কিন্তু দুখৰ বিষয়,