তেতিয়াই তাক উদ্ধাৰ নকৰিবা, সি যে উদ্ধাৰ হব তাৰো
একো চিন দেখুৱাব নালাগে। কথাটো এনে ভাবে এৰিব
লাগে যেন পাঠক জানিবলৈ উত্ৰাৱল হৈ পৰে।
যেতিয়া সেই কথা পুনৰাই ধৰা, তাক কোনো আধ্যাৰ
আৰম্ভণিতে নধৰিবা। এতিয়া যে তুমি মানুহটোক বিপদৰ
পৰা উদ্ধাৰ কৰি খুজিছাঁ তাক পাঠকে জানিবই নালাগে।
কথাবোৰ এনে ভাবে কৈ যাব লাগে যেন তাৰ কথা তুমি
কবই খোজা নাই, সি যেন কেৱল দৈবৰ বলতহে উদ্ধাৰ
হল। আৰু কেতিয়াবা কোনো এটা কথা এনেভাবে উনু
কিয়াব লাগে যেন পাঠকে তাক মনেই নকৰে, বা মন
কৰিলেও তাক অকামিলা বুলি ভাবে। যদি এই দৰে কথা
লিখা, তেন্তে যেতিয়া আকৌ সেই বিষয় ধৰিব খোজা
তেতিয়া তাক ডাঙ্গৰকৈ ধৰিব লাগে। অৰ্থাৎ তেতিয়া সেই
বিষয়টোকে প্ৰধান কৰিব লাগে, উপকথাৰ লিখকে তেওঁৰ
পাঠকক যিমান নৈৰাশ কৰিব পাৰে, সিমান কিতাপৰ ৰস
বাঢ়ে। কথা কৈ কৈ ই দেখুৱাই সি দেখুৱাই পাঠকক
ঘুৰাই লৈ ফুৰাব লাগে, তেহে কথা ভাল হয়। বিবেচনা
কৰা, তুমি এটা কথা লিখি গৈ আছা, পাচে এন ঠাইলৈ
আহিলা যে তাতে কথাটোৰ এটা সিদ্ধান্ত হব লাগে , পাঠক
ভাবিছে যে তুমি সেই কথাৰ কি হল তাতে কবা। এনে
ঠাইত কথাটোৰ সিদ্ধান্ত কৰিব নালাগে, সেই ঠাইতে কথাটো
এৰি দিব লাগে। কিন্তু কথাটে এৰোঁতে এনে ভাবে এৰিব
লাগে যেন তুমি ইচ্ছা কৰি এৰিলা বুলি পাঠকে
বুজিব নোৱাৰে। সেই ঠাইতে এনে এটা কথা উলিয়াব
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
উপকথা।