পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সাহিত্য বিচাৰ।


কথা কোৱা নাযায়। উপকথা লিখোঁতে কথা কেনেকৈ গাঁথিব লাগে, তাৰে হে কথা কোৱা হব। কোনো উপন্যাস আৰম্ভ কৰিবৰ আগেয়ে মানুহে কথাৰ আৰম্ভ ডোখৰ আৰু শেষ ডোখৰ মনত ভাবি থিৰ কৰি লয়। কি কথাটো লিখিবা আৰু তাক কি ভাবে শেষ কৰিবা 'এই দুটি কথাৰ আগেয়ে ঠিকনা নকৰাকৈ কোনো উপকথা আৰম্ভ কৰিব নোৱাৰি। বিবেচনা কৰা, তুমি এজন ৰজাৰ কোঁৱৰৰ কথা কবলৈ খুজিছা। এনে ঠাইত প্ৰথমে কোন খিনিৰ পৰা কথা আৰম্ভ কৰা উচিত তাকে থিৰকৈ ল'ব লাগে। ৰজাৰ কোঁৱৰৰ কথা তেওঁৰ জন্মৰ পৰা ধৰিব পাৰি, বা, তেওঁ যি যি ডাঙ্গৰ কম কৰিছে তাৰে এটাৰ পৰাও ধৰিব পৰা যায়। প্ৰায় মানহে এনে কথা জন্মৰ পৰা আৰম্ভ কৰে। কিন্তু, কোনো কোনো ঠাইত জন্মৰ পৰা নধৰিলেই ভাল হয়। “বিজয় বসন্ত” লিখকে কোঁৱৰ দুটিৰ জন্মৰ পৰা আৰম্ভ কৰিছে, কিন্তু সেই ঠাইত সৰু ৰাণীক বিয়া কৰাবৰ পৰা ধৰা ভাল আছিল কাৰণ, ৰজাই দ্বিতীয় বিয়া কৰাবৰ আগয়ে যি যি ঘটনা হৈছিল, সেইবোৰ ঘটনাৰ লগত পাচে কোৱা কথাৰ একো সম্বন্ধ দেখা নাযায়।' উপকথাত যিবোৰ কথা কোৱা হয় সিহঁতৰ পৰস্পৰৰ ভিতৰত বিশেষ মিল থাকিব লাগে। তাৰ এটা কথা গুচালেই পাছৰটো বা আগৰটো কথা অমিল হৈ পৰিব লাগে। উপন্যাসত আৰু এটা কথা আছে। যিবোৰ ঘটনা তাত লিখা যায় সেই এটাইবোৰ যদি সাধাৰণ বা সহজে কৰিব পৰা কৰা হয়, তেন্তে কিতাপ ভাল হব নোৱাৰে। নায়কৰ কা