সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
উপকথা।


কৰিবও নালাগে। এই বিলাক মানুহৰ কিছুমানে দেশৰ হিতত মন দিয়ে, কিছুমানে কেৱল বহিয়ে থাকে, কোনো কামতে হাত দিবলৈ ভাল নাপায়। তেওঁলোকে তাচ, দৰা, বা কৰি খেলি কোনো মতে দিন কটায়। এই বিলাক মানুহলৈ উপকথা ৰৰ উপকাৰী। দৰা বা কৰি খেদি কাল কটোৱাতকৈ অকলৈ বহি উপকথা পঢ়ি থাকিলে বহুত গুণ দিয়ে। ইয়াতে আৰু এটা কথা মন কৰিব লাগে যে ভাল উপকথা বৰ সোৱাদ বস্তু। তাচোৱাইৰ যেনেকৈ তাচলৈ ধাউতি হয়, সেই দৰে উপকথা পঢ়া ও এটা ৰাগি হব পাৰে। বহুত লৰাই নিজ কাম এৰি উপকথা পঢ়ি সময় নষ্ট কৰে। এই ৰোগত এবাৰ পৰিলে এৰাবলৈ টান, আৰু আগলৈকো দুখ ভুঞ্জিব লাগে। লৰা কালত সাৰ নোহোৱা উপকথাত মন দিলে তাৰ পৰা কেতিয়াও ভাল নহয়। উপকথা পঢ়িবৰ কোন কোন সময় তাক ওপৰত কোৱা হৈছে, তাত বাজে আন সময়ত পঢ়িলে কেৱল অমূল্য সময় পানীত দলিয়াই পেলোৱা যেন হয়!

 উপকথাৰ লক্ষণ দেখিয়ে বুজা যায়, যে ইয়াৰ মাথোন একেটা গুণ। যি উপকথাত কথাৰ গাঁথনি আৰু শব্দৰ পাতনি ভাল হোৱা নাই তাক কোনও পঢ়িবলৈ তাল নাপায়। যি কথাটো নকৈ সাজিবা যি আচৰিত নহলেও মনোৰম হ'ব লাগে, আৰু নিৰাৰ ধৰণো ধুনীয়া হোৱাু উচিত। শব্দ, ভাব, আৰু বাক্যৰ বিষয় আগেয়ে বহুত কোৱা হৈছে, সেই দেখি ইয়াত আৰু তাৰ কথা কোৱা নাযায়।

উপকথা লিখোঁতে কথা কেনেকৈ গাঁথিব লাগে তাৰেহে