জাই কৰিছিল। কিছুমান মানুহে এইবোৰ কথা একো টান
নহয় বুলি ভাবে। ইয়াৰ কাৰণ এই, যে তেওঁলোকে কেতিয়াও নতুন কথা লিখি পোৱা নাই। সেই বিলাক মানুহক কওঁ যেন তেওঁলোকে নিজে এদিন সাধু-কথা এটা সাজি
চায়, তেনেহলে বুজিব পাৰিব, হিতোপদেশ লিখোঁতে লিখকে কিমান টান পাইছিল।
উপকথা প্ৰায় অসাৰ। হিতোপদেশৰ কথকেটাত যদিও সাৰ পোৱা যায়, তাৰ বিশেষ কাৰণ আছে। সেইবোৰ কথাৰ উদ্দেশ্য বেলেগ আছিল। লৰাক মূল কথা বুজাবলৈ লিখকে উপকথাৰ আশ্ৰয় লৈছিল। নীৰস মূল কথা ডাঙ্গৰেই শুনিবলৈ ভাল নাপায়, লৰাই তাত কি মন দিব। এই দেখি সুপণ্ডিত লিখকে তাক সৰু সৰু সাধুকথাৰে বুজাই দিছিল। সকলে উপকথাৰ এই উদ্দেশ্য নহয়। আজি কালি বন নোহোৱা মানুহৰ মন ভালে ৰাখিবলৈহে উপকথা লিখা হয়। এইবোৰ উপকথাৰ পৰা সাৰুৱা বস্তু পাবলৈ টান। তেও যে এনেকুৱা কথা পঢ়া বা লিখা একেবাৰে বেয়া এনে, বুলিব নোৱাৰি। মাজে মাজে আমাৰ মনৰ গতি এনে হয়, যে তেতিয়া একোৱেই ভাল নালাগে, সংসাৰ তাৰ যেন বোধ হয়। এনেকুৱা সময়ত উপকথা বৰ দৰব। তেতিয়া ইয়াক পঢ়িলে মনৰ দুশ্চিন্তা দূৰলৈ যায়, আৰু সংসাৰ সুখময় যেন লাগে। এই দেখি নৰিয়া মানুহক উপকথা পঢ়িবলৈ দিয়া উচিত। আৰু পৃথিবীত কিছুমান মানুহ আছে, তেওঁ- লোকৰ কৰিবলৈ একো কাম নাই। বিপুল ধন-ঐশ্বৰ্য্য থকাৰ নিমিওে পেটলৈকো ভাবিবলৈ নালাগে, বা ধন ঘটিবলে শ্ৰম