এজন ইংৰাজ লিখকে এঠাইত কৈছে যে মানুহে সঁচাতকৈ
মিছা বেচি ভাল পায় : সঁচা কথা প্ৰায় নীৰস, এতেকে
মানুহৰ মনত সদাই আনন্দ দিবলৈ নোৱাৰে। এই নিমিত্তেহে
পৃপিৰত মিছা কথাৰ ইমান প্ৰভাৱ। সঁচা কথা ঠৰঙা, তাক
ইচ্ছা মতে ইফাল সিফাল কৰিবলৈ নোৱাৰি। লিখকে নিজৰ ইচ্ছা
অনুসাৰে তাক শোকজনক বা আনন্দদায়ক কৰিব নোৱাৰে।
এই কাৰণে সত্য কথাই মানুহৰ আদৰ নাপায়। কিন্তু মিছাৰ
লক্ষণ বেলেগ; তাক যেনি ইচ্ছা তেনিয়ে হলাব পাৰি। মিছা
কথাৰ এই গুণ থকাৰ নিমিত্তে মানুহৰ বৰ মৰম পাইছে।
ইতিহাস, বিজ্ঞান, ইত্যাদি যিবোৰ সঁচা কথা আছে তাক
অতি কম মানুহে ভাল পায়, কিন্তু “আৰবৰ উপকথা,”
“পাৰশ্যৰ উপকথা” নাটক ইত্যাদি যিবোৰ মিছা কথাৰ
ভঁৰাল আছে তাক হলে সকলোৱে আদৰ কৰি পঢ়ে। উপকথাৰ
পৰা যে কিবা উপকাৰ হয় তাক কব নোৱাৰি, তেও যিবিলাক
উপকথা লিখে তেওঁলোকৰ দুই চাৰি জন প্ৰশংসাৰ
পাত্ৰ। এই লিখবিলাকে এটা মিছা কথাকে এনেকৈ
সজাই লিখিব, যে পঢ়িলে আচৰিত হব লাগে। যদিও মিছা
কথা কোৱা বৰ উজু কাম, তেও তাক গঢ় লগাই মানুহৰ
মনমোহা কৰিবলৈ টান। দেখা বা শুনা কথা বৰ্ণাবলৈ
একো টান নহয়, কিন্তু কেতিয়াও নোহোৱা নোপজা কথা
এটা গঢ় গতি লগাই কোৱাটো সাধাৰণ বুদ্ধিৰ কাম নহয়।
আমাৰ হিতোপদেশৰ কথাবোৰলৈ মন কৰিলে দেখিবা যে
তাৰ একোটা সাধু কথা ভাবি উলিয়াওঁতে লিখকৰ মুৰ ৰাই
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
উপকথা।