পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
সাহিত্য বিচাৰ


হে ফল। যি শ্লোকত সতী দাহ কৰিবলৈ কৈছে, তাৰ অৰ্থ আচলতে সেইটো নহয়। ইয়াৰ প্ৰমাণ আকবৰ ৰজাৰ দিনত ওলাইছিল। তেতিয়াৰ বামুন বিলাকে দেশৰ নিয়ম ৰক্ষা কৰিবৰ মনেৰে শ্লোকটো ৰজাক আন প্ৰকাৰে বুজাই দিলে। এনেকুৱা কথা যে আমাৰ শাস্ত্ৰত কিমান আছে তাক কব নোৱাৰি। এই দেখিহে আজিও কিছুমান পণ্ডিতে বিধবা বিবাহত মত দিয়ে, আৰু কিছুমানে নিদিয়ে। এই দোষ যে কেৱল আমাৰ ধৰ্ম শাস্ত্ৰতহে পোৱা যায় এনে নহয়; আন জাতিৰ শাস্ত্ৰতো বহুত পৰিমাণে পোৱা যায়। বাইবোলত কয়, বোলে যি বস্তু আমাৰ ভিতৰলৈ যায়, সি মানুহক অশুচি নকৰে, যি ওলাই আহে সেয়েহে অশুচি কৰে। এই কথাটোৰ অৰ্থ কি বোধ কৰোঁ সকলোৱে বুজে, তেও ৰুছিয়া দেশত ইয়াৰ অৰ্থ বেলেগ হৈছিল। তাৰ পাদুৰি বিলাকে মানুহক ধঁপাত খাবলৈ নিদিছিল, কিয়নো ধোঁৱা মুখৰ পৰা ওলাই আহে, এতেকে সি মানুহক অশুচি কৰিব পাৰে।

 আৰু এবিধ মূল কথা আছে তাক বিজ্ঞান বোলে। বিজ্ঞান লিখোঁতে বৰ সাৱধান হোৱা উচিত, কিয়নো তাৰ কথা অলপ লৰিলেই বহুত অপকাৰ হয়। ইয়াত অলঙ্কাৰ বা উপমা লগাব নোৱাৰি; কপা বঢ়াবলৈ শব্দও বেছিকৈ লিখিব নোৱাৰি। ওপৰত কৈ অহা হৈছে, যে ইতিহাস লিখোঁতে দুটা বা তিনটা অৰ্থ হব পাৰে এনে কথা তাত লিখা উচিত নহয়; বিজ্ঞান লিখাতো এই নিয়ম মতে চলিৰ লাগে; নাইবা কেতিয়াবা বিষম বিপদ উপস্থিত হব পাৰে।

⸺⸺