পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৩
মূলকথা।


লিখোঁতে এনে শব্দ ব্যৱহাৰ কৰা উচিত, যে তাৰ পৰা যেন এটাতকৈ বেছি অৰ্থ উলিয়াবলৈ নোৱাৰি, কাৰণ তেনেহলে মূল কথাৰে ব্যতিক্ৰম হয়। লিখা সম্পৰ্কে মানুহৰ দুই এটা স্বাভাবিক দোষ আছে, তাক গুচাবলৈ অতি টান। কোনো এটা কথা বৰ্ণাব লাগিলে নিজৰ মন গঢ়া দুই এটা কথা তাত সুমাই দিবলৈ মন যায়। কিন্তু ইতিহাস লিখোঁতে বা কোনো সত্য কথা বৰ্ণনা কৰোঁতে এই দোষাটোৰ হাত এৰাব পাৰিলে বৰ ভাল। আচল কথাৰ লগত উপৰুৱা কথা সুমাই দিলে কেৱল মানুহক ছল কৰা হয়। পঢ়োঁতাই সেই মিছা কথাকো সঁচা বুলি ধৰে। ইয়াৰ আৰম্ভতে কোৱা হৈছে, যে কথা বঢ়াই কোৱা সাহিত্যৰ এটা প্ৰধান লক্ষণ। ইয়াৰ পৰা অৱশ্য ঠাই লৈ আৰু সময় লৈ বৰ উপকাৰ হয়। কিন্তু ঠাই বিশেষ তাৰ পৰা ইমান অন্যায় হয়, যে কৈ অন্ত কৰিব নোৱাৰি। ইতিহাস লিখোঁতে যাতে এই দোষ নজন্মে তাৰে যতন কৰিব লাগে। কিয়নো মানুহে কোনো মহৎ কামত হাত দিব লাগিলে আগেয়ে ইতিহাস পঢ়ি আগৰ মানুহে তেনেকুৱা কাম কেনেকৈ কৰিছিল জানি লয়। ইতিহাসৰ পৰা মানুহে জ্ঞান শিকে, তাত যদি মিছা কথা থাকে তেন্তে কিমান অপকাৰ হব পাৰে চোৱাচোন! এই কথাটো আমাৰ আগৰ লিখবিলাকে নাজানিছিল। তেওঁ লোকে যি লিখে তাতে কথা বঢ়াই লিখিছিল। ধৰ্ম সম্বন্ধে পুথি লিখোঁতেও সাৱধান হৈ লিখা উচিত। তাৰ এটা কথাৰ দহোটা অৰ্থ ওলালে বৰ বেয়া। আমাৰ দেশত যে আগেয়ে সতী দাহ প্ৰথা আছিল সিও শাস্ত্ৰ লিখাৰ দোষৰ