পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩২
সাহিত্য বিচাৰ।


দোষ নাই। যি বিষয় সকলোৱে জানে, সকলোৱে দেখিছে বা শুনিছে, তেনেকুৱা বিষয় লিখিলে শব্‌দাধিক্য একো দোষ নহয়। লিখাৰ উদ্দেশ্য মানুহৰ দুটা। কোনোৱে কিবা এটা আনে নজনা নুশুনা নতুন কথা পায়, তাকে লিখে। কোনোৱে বা পুৰণি কথাকে ন সাজ পিন্ধাই মনোৰম কৰে। শেহৰ বিধ লিখকে তেওঁৰ মনৰ জোখায় শব্‌দ, ভাব, আৰু উপমা লগাব পাৰে; কিয়নো তেওঁ লিখা পুথি মানুহে ন কথা জানিবলৈ নপঢ়ে। কেৱল তেওঁনো তাক কেনেকৈ লিখিছে, কি ন অলঙ্কাৰ লগাইছে, বা কি নতুন উপমা দিছে, তাকে চাবলৈহে পঢ়ে। অৰ্থাৎ তেওঁৰ কিতাপত মানুহে কেৱল সাহিত্য বিচাৰে। লিখাৰ দ্বিতীয় উদ্দেশ্য হৈছে, আগেয়ে নজনা কথা প্ৰকাশ কৰা বা জনা কথাকে মনত ৰাখিবলৈ লিখা। এই বিধ লিখকে উপমা যোজনা এৰি দি কেৱল সাৰ কথাত ধৰে; অৰ্থাৎ তেওঁ বেছি শব্‌দ বা ভাব লগাই ভাষা ধুনীয়া কৰিবলৈ পুৰুষাৰ্থ নকৰে। চুটি চুটি কথাৰে কেৱল মনৰ ভাব ব্যক্ত কৰি থয়। এই বিধ কথাকে আমি মূল কথা বুলিছোঁ। মূল কথা লিখোঁতে সদাই মূলতে থাকিব লাগে, তাক এৰি ধুনীয়া শব্দ বা ভাব বিচাৰিবলৈ যোৱাটো ভাল নহয়। ইয়াক লিখোঁতে পোন পোন ভাব উজু উজু শব্‌দ, আৰু চুটী বাক্য ব্যৱহাৰ কৰা উচিত। ইতিহাস এবিধ মুল কথা। তাক লিখোঁতে যদি বৰকৈ অলংকাৰ লগোৱা যায়, তেন্তে পঢ়োঁতাই অলঙ্কাৰকে চাব নে কথাকে মন কৰিব? এনে ঠাইত মানুহে আচল কথাকেইটাহে বিচাৰে, তোমাৰ ভাষাৰ ধুনলৈ মন নিদিয়ে। আৰু ইতিহাস