পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
মূলকথা।


যায় ; যেনে, শ্ৰীযুত- যেনে কাম কৰিছে কি কম ?

 লােপ চিন ( * * * ) কোনাে কথা এৰি দিয়া বুজা- বলৈ এই চিন দিয়া যায়।

 গদ্যৰ সাধাৰণ লক্ষণ কেনেকুৱা তাৰ আলােচনা কৰা হল। এতিয়া কি কি বিষয় গদ্যত লিখা ভাল আৰু কি কি বিষয় বেয়া, তাৰে বিচাৰ কৰিব লাগিব । প্ৰথমতে আমি গদ্য ভাগ ভাগ কৰি তাৰ একো ভাগৰ ভিতৰত কি আছে তাৰে বিচাৰ কৰিম; তেহে কি কি কথা গদ্যেৰে লিখিলে ভাল জন যাব । সচৰাচৰ গদ্যত দুবিধ কথা লিখা দেখা যায় । সদাই যি যি কথা দেখা যায়, শুনা যায়, বা শিক্ষা কৰা যায়, তাক প্রায় গদ্যত লিখে। আৰু কেতিয়াবা মানুহে মনেৰে সাজি ন কথাও গদ্যত লিখা দেখিবলৈ পােৱা যায় । ইয়াৰে ওপৰৰ বিধৰ নাম মূল কথা, আৰু তলৰ বিধৰ নাম উপকথা বা উপন্যাস। সম্প্রতি মূলকথাৰ আলােচনা কৰা যাব।

মূল কথা।

 মনৰ ভাব যিমান অলপ কথাৰে প্ৰকাশ কৰিবলৈ পৰা যায় সিমান ভাল ; এই কথা অনেক পণ্ডিতে কৈ গৈছে। যি কথ টো চাইটা শবে্‌দৰে কব পাৰি তাক দহােটা শবে্‌দৰে লিখিলে বৰ বেয়া হয়। বাছি বাছি শব্‌দ বা এটা কথাকে পাঁচোটাকৈ লিখিব পাৰিলেই যে পণ্ডিতালি কৰা হল, এনে নহয় । আৰু এটা কথাকে কেইবা ঠাইতো কেইবা ৰকমে কলেও প্ৰৱন্ধ বেয়া হয়। যত যি কথাটো লাগে তাত সেই কথা সংক্ষেপে কৈ থব পাৰিলে ভাল। কিন্তু কোনো কোনাে বিষয় আছে, তাক বহুত কথাৰে নানা ৰকমে ঘূৰাই লিখিলে