সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ সাহিত্য বিচাৰ। ভাল কামত লগাব। | ছেদ (!) এই চিন কোনো এক বাক্যৰ অৰ্থ সম্পূৰ্ণ হলে, তাৰ পাচত ব্যৱহাৰ কৰা হয়; যেনে, তেওঁ ইয়াত থকা কালত আমাৰ সৈতে তেওঁৰ আত্মীয়তা হৈছিল; কিন্তু এতিয়া তেওঁৰ তেনে ভাব নাই। পদ্যৰ শেহৰ ফকিৰ অন্তত এই চিন দুটা হয়; যেনে, “কৃষ্ণ কিঙ্কৰে ভণিল। শঙ্কৰে। হৰি হৰি বোলা সমস্ত নৰে।” | প্ৰশু-কুট (?) সোধা কথাৰ পাচত এই কুট দিয়া যায়; যেনে, এই পুথি খনিৰ নাম কি? কেৱল পেট পোহাই মানুহৰ কাম নে? ভাববোধক কুট (!) এই চিন মনৰ দুখ আদি ভাৰ, নাইবা সগেধন বুজুৱা কথাৰ শেহত দিয়া যায়; যেনে, হায় হায়! হে জগদীশ্বৰ! উঃ কি ভয়ঙ্কৰ কথা! প্ৰক্ষেপ -চিন (“ ”) এই চিন আপনি লিখা বাক্যৰ ভিতৰত অন্য মানুহে কোৱা বা লিখা কথা সুমালে সেই কথাৰ আগত আৰু পাচত দিয়া যায়; যেনে, পাহৰণত কৰা দোষ ক্ষেমিব লাগে, কাৰণ জ্ঞানী সকলে কৈছে “ভ্ৰম কৰা মানুহৰ, আৰু ক্ষমা কৰা ঈশ্বৰৰ গুণ।” উদ্ধৰেখা (৬) এই চিন অকলে থাকিলে ওপৰত থকা জন অৰ্থাৎ ঈশ্বৰক বুজায়, আৰু মানুহৰ নামৰ আগত দিলে মৰা বুজায়; যেনে শ্ৰী শ্ৰী ৮ সমীপত, অৰ্থাৎ ঈশ্বৰৰ আগত।

  • ৰূদ্ৰেশ্বৰসিংহ, অৰ্থাৎ মৃত ৰূদ্ৰেশ্বৰসিংহ।

অনুক্তি-চিন (-) কোনো কথাৰ মাজত কোনো মা- কৰ • আদি প্ৰকাশকৈ কবৰ ইচ্ছা নহলে এই চিন দিয়া