অৰ্থাৎ বৰ মেৰ-জোট নাইকিয়া; সেই দেখি কুটো
সৰহকৈ নালাগে। পোন কথা সহজে বুজিৰ পাৰি। কুট
ব্যৱহাৰ কৰাৰ নিয়ম প্ৰায় লিখকে পতি বেলেগ বেলেগ।
তুমি যত যত কুট দিবা, ময় তাত নিদি আন ঠাইতো
দিব পাৰোঁ, তেও অৰ্থৰ একো ব্যতিক্ৰম নহয়। কিন্তু
কিছুমান সাধাৰণ নিয়ম আছে তাক সকলোৱে জনা উচিত।
আগেয়ে কোৱা হৈছে, যে আদিতে আমাৰ কুট একেটাহে
আছিল, কিন্তু আজি কালি তাৰ সংখ্যা বাঢ়িছে। ইংৰাজী
ভাষাৰ পৰা বহুত কুট গ্ৰহণ কৰা হৈছে। সেই কুটবোৰৰ
নাম আৰু ব্যৱহাৰৰ নিয়ম তলত দিয়া গল।
লঘু যতি (,) যেতিয়া কোনো বাক্যৰ ভিতৰত দুটা বা বেছি বিশেষ্য বা বিশেষণ ব্যৱহাৰ কৰা যায়, তেতিয়া সেইবোৰ শব্দৰ মাজে মাজে একোটা যতি দি যাব লাগে; যেনে, চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ সকলোৱে সাক্ষী আছে। সি এলেহুৱা, দুষ্ট, কানীয়া, আৰু টুটকীয়া।
এটা কথা অৰ্থাৎ বাক্যৰ ভিতৰত সৰু সৰু কেইবাটাও ভাব থাকে, সেই এটাইকেইটা ভাব গোট খাইহে এটা পূৰ ভাব বা কথা হয়। এনে ঠাইত সেই সৰু ভাবৰ অন্তে অন্তে একোটা যতি দিব লাগে; যেনে, মই গা ধুলোঁ, ভাত খালোঁ, কাপোৰ পিন্ধিলোঁ, তেও সি আহি নাপালে।
গুৰু যতি (;) দুফাঁকি কথাৰ পৰস্পৰ ওচৰ সম্পৰ্ক থকা দেখাবলৈ এই চিন দিয়া যায়; যেনে, ঈশ্বৰ সৰ্বশক্তিমান, সৰ্ব্বকৰ্ত্তা আৰু সৰ্বজ্ঞ; এতেকে তেওঁক ভক্তি কৰা উচিত। তোমাৰ জীৱন সোনকালে নষ্ট হব; এই কাৰণে তাক