পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৮
সাহিত্য বিচাৰ।


শব্দৰ যোৰৰ টো সদাই চ ৰে আৰম্ভ হয়, যেনে মানুহ চানুহ, দা-চা। কিন্তু যেতিয়া মূল শব্দ চ বা ছ ৰে আৰম্ভ হয়, তেতিয়া উপশব্দটা টৰে আৰম্ভ হয়, যেনে চাউল টাউল ছাগলী-টাগলী।

 কোনো মানুহে একেৰাহে কোনো কাম কৰি থাকিব নোৱাৰে; মাজে মাজে নিজিৰালে কাম ভাল নহয়। কথা কওঁতেও ঠায়ে ঠায়ে ৰব লাগে, একেৰাহে কৈ গলে উশাহ চুটি হয়। সেই দেখি মানুহে একোটা কথাৰ অৰ্থাৎ ভাবৰ ওচৰ পৰিলে তাতে অলপ ৰয়। লিখাটো সেই দৰে মাজে মাজে কুট দি যাব লাগে। কিয়নো, পঢ়োঁতাই তেহে কত ৰব লাগে বুলি জানিব পাৰে। কেৱল এই কাৰণেহে যে কুট ব্যৱহাৰ হয় এনে নহয়, ইয়াৰ আৰু এটা কাৰণ আছে। উচিত ঠাইত কুট নিদিলে কেতিয়াবা কথা বুজিবলৈকে টান হয়। যাৰ লগত যাব মিল নাই, তাৰ লগতো তাৰ মিল পাতি লোৱা যায়; আৰু মিল থকা কথাকো অমিল বুলি ধৰিব পাৰে। কুট ব্যৱহাৰ কত সাৱধান হৈ ঠাই চাই ব্যৱহাৰ কৰা উচিত, নাইবা যত বুজিবলৈ উজু, তাতো শঙ্কট উপস্থিত হব পাৰে। অঠাইত ভুল কৰি কুট দিয়াতকৈ মুঠেই নিদিলেও ভাল।

 ভাষাৰ লক্ষণ অনুসাৰে কুটৰ সংখ্যা অলপ বা সৰহ হয়। ইউৰোপৰ ভাষাবিলাকত কুট বহুত পৰিমানে ব্যৱহাৰ কৰে; ভাৰতবৰ্ষৰ ভাষাবিলাকত কুটৰ ব্যৱহাৰ অতি কম। আগৰ লিখাৰুবিলাকে এটা মাথোন কুট ব্যৱহাৰ কৰিছিল, তাৰ নাম ছেদ। আমাৰ দেশৰ ভাষা বোৰৰ গাঁথনি সৰল,