পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
গদ্য


আমাৰ যোৰ কথা আনবোৰ ভাষাৰ যোৰ-শব্দৰ নিচিনা নহয়। অসমীয়া যোৰ কথাৰ যোৰ ভাঙ্গিলে অথ নাথাকে। ইয়াৰ প্ৰমাণ ওপৰত দিয়া শব্দ এটা ভাঙ্গি চালেই পোৱা যায়। জহ-তহ এই এটা যোৰ-শব্দ, তাৰ যদি কেৱল এডোখৰ মাখোন লিখা যায়, অৰ্থাৎ যদি জহ মাথোন লিখি থোৱা, তেন্তে তাৰ অৰ্থ ঘাম হে হব। জহ-তহ বুলিলে যি বুজায় জহ বুলিলে তাকে নুবুজায়। আৰু যদি তহ মাথোন লিখা, তেনেহলে তাৰ একো অৰ্থহ নহয়। যোৰ শব্দ আৰু এবিধ আছে, যেনে ভাত-পানী, তেল-কুৰ। এই বিধ যোৰ-শব্দৰ যোৰ ভাঙ্গিৰ পৰা যায়। কিন্তু কোনো কোনো ঠাইত ইয়াৰৰ বোৰ ভাঙ্গিলে বেয়া হয়। দুয়োটা একে লগে লিখিলে যি ভাব হব, আৰু কথাটোৰ যেনে বল হব, যোৰ ভাঙ্গি লিখিলে তেনেকুৱা নহয়। অসমীয়া বোৰ শব্‌দ যোৰ লগাই লিখাই উচিত। কিছুমান শব্‌দ আছে, সিহঁতক দেখোঁতে যোৰ যেন দেখি হয়, কিন্তু আচলতে যোৰ শব্‌দ নহয়। আমি যেতিয়া বেজাৰত বা এলা হত বা ধেমালিত কথা কওঁ, তেতিয়া শব্‌দে পতি আৰু একোটা লজ লগাওঁ, যেনে ঘৰ চৰ, পানী চানী। এই বোৰ যোৰ শব্‌দ নহয়; কিয়নো ঘৰ শব্‌দৰ পৰা চৰ আৰু পানী শব্‌দৰ পৰা চানী কাটি নিলেও অৰ্থ অলপো নলৰে। লিখিবৰ সময় কেতিয়াও এই দৰে কথা যোৰ লগোৱা উচিত নহয়। কথা কওঁতেও এই দৰে নোকোৱাই ভাল। গম্ভীৰ ভাবত কথা কলে শব্‌দ এই দৰে যোৰ লাগি নোলায়েই। এই বিষয় আৰু এটা কথা মন কৰিব লাগে। শেষ বিধ